নগাঁও 18 মেঃ- দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাক পুনৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ এজন ছাত্ৰই৷ দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰ ৰিদিপ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰিলে৷ ৰিদিপৰ পিতৃ পেচাত গাড়ী চালক৷ দৰিদ্ৰ পিতৃ অজিত শইকীয়া আৰু ৰীতা শইকীয়াৰ পুত্ৰ ৰিদিপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দাৰিগজীৰ পৰা ৮৭.৬৭ শতাংশ নম্বৰৰে ডিষ্টিংচন লাভ উত্তীৰ্ণ হৈছে। মেধাৱী ছাত্ৰজনে অসমীয়াত ৯২, ইংৰাজীত ৮৮, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৮২, সমাজ বিজ্ঞান ৯১ আৰু ভূগোলত ৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰিদিপ শইকীয়াৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পিতৃ-মাতৃৰ লগতে গাঁওবাসী ।
ৰিদিপৰ সপোন ভৱিষ্যৎে অভিযন্তা হোৱাৰ৷ কিন্তু ৰিদিপৰ এই সপোন বাস্তৱ ৰূপ দিয়াত হেঙাৰ দিছে দৰিদ্ৰতাই৷ পিতৃ-মাতৃয়ে পুত্ৰৰ এই সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টাৰ ক্ৰুটি নকৰাৰ সংকল্প লৈছে যদিও শুভাকাংখী-সুহৃদৰ সহায় অবিহনে সম্ভৱ নহ'ব। যাৰ বাবে ৰিদিপে এতিয়া নিজৰ সপোন পূৰণ কৰিবলৈ আনৰ মুখলৈ চাবলৈ বাধ্য হৈছে৷
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা ১০ জন ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এজনে ডিষ্টিংচন,দুজনে প্ৰথম বিভাগ, চাৰিজনে দ্বিতীয় বিভাগ আৰু দুজনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে।
ৰিডিপৰ অভিযন্তা হোৱাৰ পথত হেঙাৰ এতিয়া দৰিদ্ৰতা - etv bharat assam
দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰ ৰিদিপ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰি উৰ্ত্তীন হৈছে ৷ ৰিদিপৰ পিতৃ পেচাত এগৰাকী গাড়ী চালক ৷
নগাঁও 18 মেঃ- দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাক পুনৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ এজন ছাত্ৰই৷ দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰ ৰিদিপ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰিলে৷ ৰিদিপৰ পিতৃ পেচাত গাড়ী চালক৷ দৰিদ্ৰ পিতৃ অজিত শইকীয়া আৰু ৰীতা শইকীয়াৰ পুত্ৰ ৰিদিপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দাৰিগজীৰ পৰা ৮৭.৬৭ শতাংশ নম্বৰৰে ডিষ্টিংচন লাভ উত্তীৰ্ণ হৈছে। মেধাৱী ছাত্ৰজনে অসমীয়াত ৯২, ইংৰাজীত ৮৮, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৮২, সমাজ বিজ্ঞান ৯১ আৰু ভূগোলত ৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰিদিপ শইকীয়াৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পিতৃ-মাতৃৰ লগতে গাঁওবাসী ।
ৰিদিপৰ সপোন ভৱিষ্যৎে অভিযন্তা হোৱাৰ৷ কিন্তু ৰিদিপৰ এই সপোন বাস্তৱ ৰূপ দিয়াত হেঙাৰ দিছে দৰিদ্ৰতাই৷ পিতৃ-মাতৃয়ে পুত্ৰৰ এই সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টাৰ ক্ৰুটি নকৰাৰ সংকল্প লৈছে যদিও শুভাকাংখী-সুহৃদৰ সহায় অবিহনে সম্ভৱ নহ'ব। যাৰ বাবে ৰিদিপে এতিয়া নিজৰ সপোন পূৰণ কৰিবলৈ আনৰ মুখলৈ চাবলৈ বাধ্য হৈছে৷
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা ১০ জন ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এজনে ডিষ্টিংচন,দুজনে প্ৰথম বিভাগ, চাৰিজনে দ্বিতীয় বিভাগ আৰু দুজনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে।
পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে দৰিদ্ৰ পৰিয়ালটোক এতিয়া প্ৰয়োজন সহায়ৰBody:দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰ ৰিদিপ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰি দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ৱ নোৱাৰে তাক পুনৰবা প্ৰমাণ কৰিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দাৰিগজীৰ পৰা দৰিদ্ৰ গাড়ী চালক অজিত শইকীয়া আৰু ৰীতা শইকীয়াৰ পুত্ৰ ৰিদিপ শইকীয়াই বিদ্যালয়খনৰ পৰা ৮৭.৬৭ শতাংশ নম্বৰৰে ডিষ্টিংচন লাভ উত্তীৰ্ণ হৈছে। মেধাৱী ছাত্ৰজনে অসমীয়াত ৯২, ইংৰাজীত ৮৮, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৮২, সমাজ বিজ্ঞান ৯১ আৰু ভূগোলত ৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰিদিপ শইকীয়াৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পিতৃ-মাতৃৰ লগতে গাঁওবাসী।
কিন্তু পুত্ৰৰ ভৱিষ্যতে অভিযন্তা হোৱাৰ সপোন বাস্তৱ ৰূপ দিয়াত বাধা হৈ দেখা দিছে দৰিদ্ৰতাই। তথাপিও পিতৃ-মাতৃয়ে পুত্ৰৰ এই সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টাৰ ক্ৰুটি নকৰাৰ সংকল্প লৈছে যদিও শুভাকাংখী-সুহৃদৰ সহায় অবিহনে সম্ভৱ নহ'ব। ৰিদিপৰ আকংখ্যাৰ বাবে এতিয়া আনৰ মুখলৈ চাবলৈ বাধ্য হৈছে।
উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা ১০ জন ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এজনে ডিষ্টিংচন,দুজনে প্ৰথম বিভাগ, চাৰিজনে দ্বিতীয় বিভাগ আৰু দুজনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে।
Conclusion:bites