ETV Bharat / state

প্ৰথম ব’হাগতে বা-মাৰলীৰ তাণ্ডৱ: নগাঁৱত বিস্তৰ ক্ষতি - নগাঁও জিলাৰ বিভিন্ন অঞ্চল কোবাই গ'ল বা মাৰলীয়ে

ৰাজ্যত ৰঙালীৰ উৎসাহ(Rangali Bihu in Assam) । কিন্তু তাৰ মাজতে ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ । প্ৰথম ব’হাগতে নগাঁৱৰ বিভিন্ন অঞ্চল জোকাৰি গ'ল এজাক প্ৰৱল বা-মাৰলীয়ে । নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত ধুমুহাত বিস্তৰ ক্ষতি(Heavy damage caused by storm in North-West Nagaon) । বাসগৃহ, বিদ্যালয়, দোকান-পোহাৰ বিধ্বস্ত নতুন বছৰৰ প্ৰথমটো ধুমুহাত।

extensive damage across the state in the storm
প্ৰথম বহাগতে বা মাৰলীৰ তাণ্ডৱ: নঁগাৱত বিস্তৰ ক্ষতি
author img

By

Published : Apr 16, 2022, 2:09 PM IST

নগাঁও, ১৬ এপ্ৰিল: অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনতে নগাঁও জিলাৰ বিভিন্ন অঞ্চল কোবাই গ'ল বা-মাৰলীয়ে । প্ৰথম ব’হাগতে অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত। মাজনিশা অহা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিয়ে বহু লোকৰ ঘৰৰ টিন । ভাঙি তহিলং কৰে ঘৰ দুৱাৰৰ লগতে বিদ্যালয়, দোকান পোহাৰ ।

ৰাজপথত উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ । আনকি বহু অঞ্চলত বিদ্যুতৰ খুটা পৰ্যন্ত উভালি পৰে বছৰৰ প্ৰথমটো ধুমুহাত । নগাঁৱৰ ধিঙৰ জৰামাৰী, জেঙণি, মাটখলা, কান্ধুলিমাৰী, খৈৰামাৰী আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাই । নিশা অহা ধুমুহাই হঠাৎ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ধিঙৰ বিভিন্ন অঞ্চলত ।

কেৱল এয়াই নহয় বছৰৰ প্ৰথমটো ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় কৃষিপ্ৰধান বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰত । বিনষ্ট হয় পথাৰৰ শস্যৰো । ধুমুহাৰ সময়ত বহু লোকৰ ঘৰৰ টিন উৰুৱাই নিয়াত এক আতংকময় পৰিবেশৰ মাজত নিশা কটাবলগীয়া হয় বহু পৰিয়াল ।

extensive damage across the state in the storm
প্ৰথম বহাগতে বা মাৰলীৰ তাণ্ডৱ: নঁগাৱত বিস্তৰ ক্ষতি

ধুমুহাত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বহু দৰিদ্ৰ পৰিয়ালৰ মাজত এতিয়াও বিৰাজ কৰি আছে এক হাহাকাৰময় পৰিবেশ । উলহ-মালহেৰে ৰাজ্যবাসীয়ে ৰঙালী বিহু উদযাপন কৰাৰ মাজতে নিশা তীব্ৰ বেগেৰে অহা ধুমুহাই যেন থান-বান কৰি পেলালে সকলো আনন্দ উল্লাস । ধুমুহাত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালকেইটাই চৰকাৰীভাৱে কিবা ক্ষতিপূৰণ পাব নে নাই তাক লৈও এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ।

লগতে পঢ়ক: Rangali Bihu celebration in Sonitpur: চাৰিদুৱাৰত বিহু নাচিলে বিধায়ক পদ্ম হাজৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.