নগাঁও, আগষ্ট 15: সমগ্ৰ দেশৰ লগতে নগাঁৱতো উদযাপন কৰা হয় 73 সংখ্যক স্বাধীনতা দিৱস । নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে । পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । কুচকাৱাজত অংশগ্ৰহণ কৰে নগাওঁ আৰক্ষী, এন চি চি, জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । পতাকা উত্তোলনৰ পূৰ্বে নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্জলন কৰা হয় ৷
পতাকা উত্তোলন কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ৷ শিক্ষা, স্বাস্থ্য বিভাগৰ লগতে চৰকাৰে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ বাট-পথৰ উন্নয়ন কৰা বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী দৈমাৰীয়ে । এই অনুষ্ঠানতে নগাওঁ জিলাৰ কেইবাগৰাকীও মুক্তিযুঁজাৰুক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ পিচত এতিয়া সকলোৱে সমঅধিকাৰ লাভ কৰিব আৰু কাশ্মীৰ উন্নয়নৰ দিশত আগবাঢ়িব বুলি মন্তব্য কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ।