ETV Bharat / state

কলিয়াবৰত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা - ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা

তিনিদিনীয়াকৈ কলিয়াবৰত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা ৷ কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত এই প্ৰতিযোগিতাত 22 খন জিলাৰ প্ৰতিযোগীৰ অংশগ্ৰহণ ৷ কলিয়াবৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা এইয়ে প্ৰথম সমৰকলা প্ৰতিযোগিতা ৷

state level martial art competition at kaliabor
কলিয়াবৰত ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা
author img

By

Published : Jan 3, 2021, 10:43 AM IST

কলিয়াবৰ, 3 জানুৱাৰী : শনিবাৰৰ পৰা পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা ৷ কলিয়াবৰৰ কুঁৱৰীটোলৰ আশীহাৰা কাৰাটে স্কুলৰ উদ্যোগত তিনিদিনীয়াকৈ এই সমৰকলা প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে ৷

জানিব পৰা মতে কলিয়াবৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সমৰকলা প্ৰতিযোগিতাত 22 জিলাৰ প্ৰতিযোগীয়ে কাৰাটে, কুংফু, টাইকোৱাণ্ডো, কিক বক্সিং আদি বিভিন্ন শিতানৰ খেলত অংশগ্ৰহণ কৰিছে ৷ 6 বছৰ বয়সৰ পৰা 20 বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত 500 ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

সমৰকলা ক্ৰীড়া ক্ষেত্ৰৰ এক অভিন্ন অংগ। সমৰকলাৰ জৰিয়তে প্ৰতিজন খেলুৱৈয়ে নিজৰ আত্মৰক্ষাৰ লগতে কৰ্মক্ষেত্ৰতো বিশেষভাৱে সহায়ক হোৱাকৈ নিজকে গঢ় দিব পৰা যায় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷

প্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা

প্ৰতিযোগিতা খনৰ উদ্যোক্তা সকলে মন্তব্য কৰে যে সমৰকলাৰ জৰিয়তে প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ আত্মৰক্ষাৰ লগতে কৰ্মক্ষেত্ৰতো সহায়ক হোৱাকৈ নিজক গঢ় দিব পাৰে ৷ তেওঁলোকে জাৱিবলৈ দিয়ে যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা খেলুৱৈ সকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াক্ষেত্ৰৰ লগতে খেল' ইণ্ডিয়াত অংশগ্ৰহণ কৰিবলৈও সুবিধা লাভ কৰিব ৷

4 জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া অন্তিম দিনৰ খেলখনত 60 গৰাকী প্ৰতিযোগীয়ে ব্লেক বেল্ট ডিপ্লমা হ'ল্ডাৰৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে আশাহাৰা কাৰাটে স্কুল অসমৰ একমাত্ৰ সংস্থা যিয়ে সমৰকলা চেম্পিয়নশ্বিপত অৱতীৰ্ণ হোৱাৰ বাবে দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ সকলক 50 শতাংশ ৰেহাই প্ৰদান কৰে ৷

লগতে পঢ়ক: বিপিএফ বিজেপিৰ মিত্ৰতা অন্তৰ দিশে; বিজেপিৰ নতুন মিত্ৰ হ’ব ইউপিপিএল আৰু জিএছপি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.