কলিয়াবৰ,15আগষ্ট : সংগীত পৰিচালক যোগেন বৰদলৈলৈ ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন ৷ থিয়েটাৰ ভ্ৰাগ্যদেৱীৰ দ্বাৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰা ব্যক্তিজনে জ্যোতিৰূপা,শৰাইঘাট আদি ভ্ৰাম্যমাণ থিয়েটাৰত 16 বছৰ ধৰি কাম কৰিছিল ৷ যোগেন বৰদলৈয়ে ''সূৰ্যাস্তৰ পিনে ধাৱমান কিয়" নামৰ শ্ৰব্যত সংগীত পৰিচালকৰ দায়িত্ব লৈ কলিয়াবৰক একক ৰূপত তুলি ধৰিছিল সমগ্ৰ অসমৰ সন্মুখত ৷ ১৬ বছৰে আকাশবাণী গুৱাহাটীৰ সংগীত শিল্পী হিচাপে কাম কৰা সংগীত পৰিচালকজন এতিয়া ব্যস্ত বহু ছাত্ৰ-ছাত্ৰীক গীতৰ শিক্ষা প্ৰদান কৰাত ৷ ইফালে,সুৰকাৰ-পৰিচালক গৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাত কৃতজ্ঞতা জ্ঞাপন কৰিছে চৰকাৰক ৷
কলিয়াবৰৰ বিশিষ্ট শিল্পী যোগেন বৰদলৈলৈ শিল্পী পেঞ্চন - বিশিষ্ট শিল্পী যোগেন বৰদলৈ
ৰাজ্য চৰকাৰে সংগীত পৰিচালক যোগেন বৰদলৈলৈ আগবঢ়াইছে শিল্পী পেঞ্চন ৷
![কলিয়াবৰৰ বিশিষ্ট শিল্পী যোগেন বৰদলৈলৈ শিল্পী পেঞ্চন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4148481-thumbnail-3x2-rt.jpg?imwidth=3840)
কলিয়াবৰ,15আগষ্ট : সংগীত পৰিচালক যোগেন বৰদলৈলৈ ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন ৷ থিয়েটাৰ ভ্ৰাগ্যদেৱীৰ দ্বাৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰা ব্যক্তিজনে জ্যোতিৰূপা,শৰাইঘাট আদি ভ্ৰাম্যমাণ থিয়েটাৰত 16 বছৰ ধৰি কাম কৰিছিল ৷ যোগেন বৰদলৈয়ে ''সূৰ্যাস্তৰ পিনে ধাৱমান কিয়" নামৰ শ্ৰব্যত সংগীত পৰিচালকৰ দায়িত্ব লৈ কলিয়াবৰক একক ৰূপত তুলি ধৰিছিল সমগ্ৰ অসমৰ সন্মুখত ৷ ১৬ বছৰে আকাশবাণী গুৱাহাটীৰ সংগীত শিল্পী হিচাপে কাম কৰা সংগীত পৰিচালকজন এতিয়া ব্যস্ত বহু ছাত্ৰ-ছাত্ৰীক গীতৰ শিক্ষা প্ৰদান কৰাত ৷ ইফালে,সুৰকাৰ-পৰিচালক গৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাত কৃতজ্ঞতা জ্ঞাপন কৰিছে চৰকাৰক ৷
সুধাকণ্ঠ ভূপেন দাৰ কণ্ঠৰে"এইখন কলিয়াবৰ"ৰ গীতৰ সুৰকাৰ যোগেন বৰদলৈলৈ ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনBody:আনুষ্ঠানিকভাৱে সঙ্গীতৰ জগতখনত খোজ পেলাইছিল থিয়েটাৰ ভাগ্যদেৱীৰ জৰিয়তে। প্ৰথমে গায়ক, পিচলৈ সঙ্গীত পৰিচালকৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছিল। আশী দশকতে আৰম্ভ হোৱা ভ্ৰাম্যমাণ জগতৰ যাত্ৰাত থিয়েটাৰ ভাগ্যদেৱীৰ পিচত, জ্যোতিৰূপা, শৰাইঘাট আদি ভ্ৰাম্যমাণ থিয়েটাৰত ১৬ বছৰীয়া সঙ্গীতৰ যাত্ৰাৰ ইতি পেলাই ২০০২ চনত উভতিছিল নিজ গৃহ কলিয়াবৰলৈ। সেই বছৰে কলিয়াবৰৰ উদ্যমী যুৱক ৰঞ্জীত ভট্টাচাৰ্য্যৰ প্ৰচেষ্টাত নিৰ্মিত হোৱা গীতৰ কেছেট "সূৰ্য্যাস্তৰ পিনে ধাৱমান কিয়"ৰ সঙ্গীত পৰিচালক দায়িত্ব লৈ কলিয়াবৰক একক ৰূপত তুলি ধৰিলে সমগ্ৰ অসমৰ সমুখত। কলিয়াবৰৰ শিক্ষাবিদ-সাহিত্যিক কুসুম বৰা ৰচিত এটি গীতত সুৰাৰোপ কৰি সঙ্গীতৰ সৰ্বোচ্চ শিখৰত আৰোহন কৰিছিল যোগেন বৰদলৈয়ে। কিয়নো তেখেতৰ সুৰাৰোপিত গীতটিত কণ্ঠ নিগৰাইছিল সঙ্গীত সূৰ্য্য, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। সঙ্গীত সূৰ্য্য কণ্ঠৰ গীতটিয়ে যোগেন বৰদলৈক কলিয়াবৰৰ সঙ্গীত জগতখনত পুণৰ প্ৰতিষ্ঠা কৰিলে। ১৬ বছৰ আকাশৱাণী গুৱাহাটীৰ সঙ্গীত শিল্পী হিচাবে গীত পৰিৱেশনৰ অভিজ্ঞতাৰে পুষ্ট যোগেন বৰদলৈ এতিয়া ব্যস্ত ন-শিকাৰুক সঙ্গীত শিক্ষা প্ৰদান কৰাত। বহু গীতৰ সুৰকাৰ-পৰিচালক গৰাকীয়ে এইবেলি অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাত সুখী যোগেন বৰদলৈয়ে কৃতজ্ঞতা জনালে ৰজাঘৰীয়া আৰু শুভাকাংখীক। "এই সন্মানে ন-উদ্যমেৰে কাম কৰি যোৱাত প্ৰেৰণা দিব। পূৰ্বতকৈ দায়িত্ব বাঢ়িল" বুলি মত প্ৰকাশ কৰিলে আমাৰ আগত।Conclusion:visuals
bites
Link : এইখন কলিয়াবৰ (গীত), ভূপেন হাজৰিকা
https://youtu.be/ciR8HPndFfs