ETV Bharat / state

HSLC Exam Result 2022 : সুখ্যাতিৰে উত্তীৰ্ণ বিশেষভাৱে সক্ষম পৰি

author img

By

Published : Jun 10, 2022, 8:15 PM IST

কলিয়াবৰৰ বিশেষভাৱে সক্ষম ছাত্ৰী পৰি বেগমৰ সফলতা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মূকবধিৰ ছাত্ৰী পৰি বেগম (HSLC Exam Result 2022) ৷

Specially abled Pari begum secured third division
সুখ্যাতিৰে উত্তীৰ্ণ মূকবধিৰ পৰি

কলিয়াবৰ, 10 জুন : কলিয়াবৰত বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীৰ সফলতা ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকী (HSLC Exam Result 2022) ৷ বিশেষভাৱে সক্ষম এই ছাত্ৰীগৰাকী হৈছে কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ ডাঙৰ জীয়ৰী পৰি বেগম ৷

মূকবধিৰ বিদ্যালয়ৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়তে পঢ়ি কলিয়াবৰৰ এইগৰাকী বাক আৰু শ্ৰৱণ শক্তিহীন ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে । বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাধাৰণ শিক্ষাৰ্থীৰ সৈতে একেলগে শিক্ষা গ্ৰহণ কৰিছিল পৰিয়ে ৷

সুখ্যাতিৰে উত্তীৰ্ণ মূকবধিৰ পৰিসুখ্যাতিৰে উত্তীৰ্ণ মূকবধিৰ পৰি

কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ 236 নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে পৰি বেগম (Specially abled Pari begum secured third division) । জানিব পৰা মতে, বাক আৰু শ্ৰৱণ শক্তিহীন ছাত্ৰীগৰাকীয়ে গ্ৰেচমাৰ্ক নোলোৱাকৈয়ে আটাইকেইটা বিষয়ত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

HSLC Exam Result 2022
বিশেষভাৱে সক্ষম ছাত্ৰী পৰি বেগমৰ সফলতা

উল্লেখ্য যে, দিন হাজিৰা কৰি পিতৃয়ে অতি কষ্টৰ মাজৰে সন্তানক শিক্ষিত কৰিবলৈ কৰা যুঁজখনত সন্তানৰ এই সফলতাত এতিয়া অতন্ত্য সুখী পৰিয়ালটো । ছাত্ৰীগৰাকীৰ এই সাফলতাত আনন্দিত কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ কলিয়াবৰবাসী । পৰি বেগমৰ ভনীয়েকো বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰী ।

লগতে পঢ়ক : হুইল চেয়াৰত বহিয়েই প্ৰথম বিভাগত উত্তীৰ্ণ মাধুৰ্য দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.