ETV Bharat / state

হাতে হাতে প্লে'কাৰ্ড লৈ নগাঁৱৰ চহৰত ক'ভিড কেন্দ্ৰিক সজাগতা সৃষ্টি অভিযান

দ্ৰুত হাৰত ক'ৰণা আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দ্ৰোণাচাৰ্য্য কনিষ্ঠ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে নগাঁও চহৰত সজাগতা সৃষ্টিৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷ হাতে হাতে "Please Use Mask", "Stay Home Stay Safe" লিখা ফলকলৈ নগাঁও চহৰ ভ্ৰমণ কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷

হাতে হাতে প্লে'কাৰ্ড লৈ নগাঁৱৰ চাহৰত ক'ভিড কেন্দ্ৰিক সজাগতা সৃষ্টি অভিযান

author img

By

Published : Apr 24, 2021, 7:30 PM IST

চামগুৰি, 24 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিডত আক্ৰান্ত সংখ্যা ৷ নগাঁও চহৰত প্ৰায় ৪৮৫ গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্ত সংখ্যা ৷

এনে পৰিপেক্ষিতত নগাঁও চহৰৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে দ্ৰোণাচাৰ্য্য কনিষ্ঠ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে ৷ হাতে হাতে "Please Use Mask", "Stay Home Stay Safe" লিখা ফলকলৈ ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে উলাই আহে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল ৷

হাতে হাতে প্লে'কাৰ্ড লৈ নগাঁৱৰ চহৰত ক'ভিড কেন্দ্ৰিক সজাগতা সৃষ্টি অভিযান

উল্লেখ্য যে, যি সকল লোকে মাস্ক ব্যৱহাৰ কৰা নাই সেই সকলক বিনামূলীয়া একোখনকৈ মাস্ক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰী সকলে ৷ তদুপৰি স্বাস্থ্যকৰ্মী সকলক উৎসাহ কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী সকলে স্থানীয় স্বাস্থ্য কৰ্মীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.