ETV Bharat / state

বন্যহস্তীৰ বাবে ধান, নেফিয়াৰ, ঔটেঙাৰ খেতি দুলু বৰাৰ - nagaon hati bondhu news

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৱে। সংগঠনটোৰ অন্যতম সদস্য বিনোদ দুলু বৰা আৰু দুলু পত্নীয়ে বন্যহস্তীৰে প্ৰেম গঢ়ি তোলাৰ এক প্ৰয়াস অব্যাহত ৰাখিছে। নগাঁও কাৰ্বি আংলং সীমান্তৰ পাহাৰীয়া অঞ্চলত হাতীৰ বাবেই কৰিছে ছয় শ বিঘাৰ খেতি। পাহাৰত কৰিছে হাতীৰ প্রিয় বহু খাদ্য। পাহাৰীয়া অঞ্চলৰ টঙি ঘৰতে নিশা যাপন কৰি দুলু দম্পতিয়ে নিৰীক্ষণ কৰে বনৰীয়া হাতীৰ অহাৰ গ্ৰহণ আৰু চলন ফুৰণ। এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

বন্যহস্তীৰ বাবে ধান,নেফিয়াৰ,ঔটেঙাৰ খেতি দুলু বৰাৰ

author img

By

Published : Nov 9, 2020, 3:17 PM IST

Updated : Nov 9, 2020, 4:22 PM IST

নগাঁও, 9 নৱেম্বৰঃ নগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা। শৈশৱৰ পৰাই প্ৰকৃতিক ভাল পোৱা বিনোদ দুলু বৰাই সহধৰ্মিনী মেঘ্না ময়ুৰী হাজৰিকাক লগত লৈ হস্তী মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰি আহিছে নানা পদক্ষেপ। বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ। ক'ৰবাত যদি হাতীৰ আক্ৰমণত মৃত্যু হৈছে মানুহৰ। ক'ৰবাত আকৌ মানুহৰ অত্যাচাৰৰ বলি হৈছে বনৰীয়া হাতী। ইয়াৰ মাজতে ইতিবাচক চিন্তাৰে হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ প্ৰচেষ্টাত গঢ় লৈছিল হাতী বন্ধু নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠন।

বন্যহস্তীৰ বাবে ধান, নেফিয়াৰ, ঔটেঙাৰ খেতি দুলু বৰাৰ

এই প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ উদ্যোগতে বিগত বৰ্ষত নগাঁও কাৰ্বি আংলং সীমান্তৰ পাহাৰীয়া অঞ্চলত ধান আৰু নেফিয়াৰ খেতি কৰি যথেষ্ট সফলতা লাভ কৰাৰ পিছত এইবছৰো কৰা হৈছে বৃহৎ খেতি। বিগত বৰ্ষত হাটিখলি ৰংহাং অঞ্চলত বন্যহস্তীৰ বাবে দুশ বিঘা ধান খেতি কৰাৰ পিছত এইবছৰ ৬ শ বিঘা পাহাৰীয়া ভূমিত কৰা হৈছে ধানৰ লগতে নেফিয়াৰ ঘাঁহ, ঔটেঙা, কুম্ভীৰ আদিৰ খেতি। হস্তী মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপত স্থানীয় বন বিভাগেও আগবঢ়াইছে সহযোগিতা।

নিশা হাতী নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা টঙি ঘৰ

হাতী বন্ধুৰ উদ্যোগত হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপত সহযোগ কৰি আহিছে দুলু বৰাৰ পত্নী মেঘ্না ময়ূৰ হাজৰিকাই। বিগত তিনিমাহ ধৰি হাতীৰ বাবে কৰা খেতিত ব্যস্ত হৈ আছে দুলু দম্পতি। সম্প্ৰতি নিশা হ'লেই হাতী বন্ধুয়ে কৰা খেতিত নামি আহে হাতীৰ বৃহৎ জাক। হাতীখুলি অঞ্চলৰ পাহাৰত নিৰ্মাণ কৰা টঙি ঘৰত থাকি দুলু বৰা আৰু পত্নী মেঘ্নাই নিৰীক্ষিণ কৰি আহিছে বন্যহস্তীৰ গতিবিধি।
হাতীৰ বাবে কৰা নেফিয়াৰ খেতি
হাতীৰ বাবে কৰা নেফিয়াৰ খেতি
হাতীৰ সৈতে সংঘাত নকৰি বন্ধুত্ব গঢ়াৰো আহ্বান জনায় মেঘ্না ময়ূৰ হাজৰিকাই। বনৰীয়া হাতী অহা যোৱা কৰা পথত হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰো আহ্বান জনায় মেঘ্নাই। হাতী মানুহৰ সৈতে প্ৰেম গঢ়াৰ লক্ষ্যৰে নিশা হাতীৰ জাকৰ মাজতে টঙি ঘৰত কটাই আছে দুলু বৰাৰ লগতে পত্নী মেঘ্না হাজৰিকাই । হাতী বন্ধুৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰচেষ্টাই দাঙি ধৰিছে হস্তী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। হ্ৰাস কৰিছে হাতী মানুহৰ সংঘাত।

লগতে চাওকঃ সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

Last Updated : Nov 9, 2020, 4:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.