ETV Bharat / state

Munna Bhai MBBS : কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান - news on munna bhai MBBS

ভুৱা চিকিৎসক(Munna Bhai MBBS) ৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান (Anand Mishra force's raid against fake doctors) ৷ পুনৰায় কচুৱাৰ পৰা আটক ভুৱা দন্ত চিকিৎসক ৷

sp-anand-mishra-forces-raid-against-fake-doctors-in-kachua-nagaon
কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান
author img

By

Published : Nov 24, 2021, 4:18 PM IST

Updated : Nov 24, 2021, 7:13 PM IST

বঢ়মপুৰ, 24 নৱেম্বৰ : নগাঁৱৰ কচুৱাত ভুৱা চিকিৎসক (Munna Bhai MBBS)ৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান (Anand Mishra raids against fake doctors) ৷ নুৰুল ইছলাম নামৰ এজন মুন্নাভাই MBBS ক আটক ৷ ৰাজ্যৰ একাংশ ভুৱা চিকিৎসকে চিকিৎসাৰ নামত দীৰ্ঘদিনে প্ৰৱঞ্চনা কৰি ধন ঘটাৰ পিচতো স্বাস্থ্য বিভাগে বিষয়টোৰ ওপৰত চকু নিদিয়াত তেনে চিকিৎসকৰ অতপালি দিনকদিনে বৃদ্ধি পাবলৈ ধৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিগত কিছু বছৰ ধৰি কচুৱাৰ নুৰুল ইছলাম নামৰ এজন লোকে নিজকে দন্ত চিকিৎসক বুলি প্ৰচাৰ কৰি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৷ কচুৱা মডেল হাস্পতাল (Kachua Model Hospital), শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়, লুটুমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (Lutumari Primary Health Center) আৰু কামপুৰ এফ আৰ ইউ (Kampur FRU)থকাৰ পিচতো নুৰুল ইছলামৰ দৰে একাংশ ভুৱা চিকিৎসকে বিভিন্ন ঠাইত চিকিৎসাৰ নামত ৰোগীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আছে যদিও স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে পদক্ষেপ নোলোৱাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ৷

ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান

স্কুল-কলেজৰ বাৰান্দাত খোজ থৈ নোপোৱা ভুৱা চিকিৎসক নুৰুল ইছলামে বিদেশৰ পৰা ডিপ্ল’মা লৈ ডাঙৰ ডাঙৰ বেনাৰ-পোষ্টাৰ আঁৰি শিঙিমাৰী বজাৰ, কচুৱা বজাৰ, তিনিআলি বজাৰ, লুটুমাৰী বজাৰ, ভকচুং বজাৰ, ৰজাগাঁও বজাৰ আৰু এডেনবাৰী বজাৰত দোকান খুলি ৰমৰমীয়া বেহা চলাই অহাৰো অভিযোগ উত্থাপিত হৈছে ৷ নুৰুল ইছলামৰ লগতে আন কেইবাজনো মুন্নাভাই MBBS এ এই কাৰ্যত সহায়ৰ হাত আগবঢ়াইছিল ৷ এগৰাকী চিকিৎসকৰ হাতত মজুত থাকিবলগীয়া সকলো সামগ্ৰীয়ে নুৰুলৰ হাতত মজুত আছিল বুলি জানিব পৰা গৈছে ৷

কিছুদিন পূৰ্বে ভুৱা চিকিৎসকগৰাকীৰ দ্বাৰা চিকিৎসা কৰি দাঁত আৰু মস্তিষ্কৰ মাৰাত্মক ৰোগত ভূগিছিল কচুৱা চিতলমাৰীৰ আব্দুল চাত্তাৰ, জুকটা গাঁৱৰ মজিবুৰ ৰহমানে ৷ ইয়াৰ পিছতে দুয়োজন লোকে নগাঁও জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল ৷ আনকি কচুৱা থানা আৰু নগাঁও আদালতত ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে তৰিছিল গোচৰ ৷ তাৰপিছতো কিন্তু ব্যক্তি দুগৰাকীয়ে কোনো সুফল লাভ নকৰিলে ৷

যাৰ ফলত নিজাববীয়াকৈ চেম্বাৰ খুলি দীৰ্ঘদিনে চিকিৎসাৰ নামত এক বেহা চলাই আহিছিল ভুৱা চিকিৎসকগৰাকীয়ে ৷ মঙলবাৰে নিশা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মুন্নাভাই MBBS ৰূপী নুৰুল ইছলামক আটক কৰে ৷

লগতে চাওক: সুন্দৰী চিকিৎসক...পিছে কিহৰ বাবে আহিল চৰ্চালৈ

Last Updated : Nov 24, 2021, 7:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.