ETV Bharat / state

শস্য শ্যামলাৰ সপোন ৰচা কলিয়াবৰৰ এদল যুৱক

কেইগৰাকী শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ৷ ৰবি শস্য খেতিৰে দেখিছে শস্য শ্যামলাৰ সপোন ৷

author img

By

Published : Nov 5, 2021, 7:45 PM IST

some educated youth of kaliabar who begines the agricultural revolution
শস্য শ্যামলাৰ সপোন ৰচা কলিয়াবৰৰ এদল যুৱক

কলিয়াবৰ, 5 নৱেম্বৰ : পথাৰ আমাৰ-বজাৰ আমাৰ_ এই লক্ষ্যৰে কলিয়াবৰত ৬ জনকৈ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । প্ৰায় 40 বিঘা মাটিত ৰবি শস্যকে ধৰি শীতকালীন বিভিন্ন শাক-পাচলিৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কেইগৰাকীমান শিক্ষিত যুৱকৰ । দুচকুত হেজাৰ সপোন লৈ কৃষি বিপ্লৱৰ জৰিয়তে কলিয়াবৰৰ নলতলিৰ কেইবাগৰাকীও যুৱকে ৰচিছে নতুন দিগন্তৰ পথ ৷

কলম এৰি নাঙলত ধৰি কৃষি বিপ্লৱৰ সূচনা কৰিব বিচৰা কলিয়াবৰৰ নলতলিৰ প্ৰণৱজ্যোতি বৰা পূৰ্বতে জড়িত আছিল সাংবাদ জগতৰ লগতো ৷ প্ৰণৱজ্যোতি বৰাৰ নেতৃত্বতে কলিয়াবৰৰ উলুৱনীত এতিয়া কেইবাগৰাকীও শিক্ষিত যুৱকে ৰঁচিছে শস্য শ্যামলাৰ সপোন । বহল পৰিসৰত কৰা এই কৃষি ভূমিত ৰৱি শস্যকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজনকো উপাৰ্জনৰ পথ উলিয়াই দিবলৈ সক্ষম হৈছে প্ৰণৱজ্যোতি বৰাই ।

প্ৰণৱজ্যোতি বৰাৰ নেতৃত্বত আন ৬ গৰাকী কৃষকে নিজে স্বাৱলম্বী হোৱাৰ লগতে উলুৱনিৰ সমগ্ৰ গাঁওখনতে সৃষ্টি কৰিছে অন্য এক পৰিৱেশৰ ।

আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে যি সময়ত ৰাজ্যৰ জনতাক মাধমাৰ সোধাইছে, তেনে সময়তে নিজ হাতে কামে লাগি কৃষি কাৰ্যৰ জৰিয়তে উপাৰ্জনমুখী হোৱাৰ প্ৰয়াস কৰিছে কলিয়াবৰৰ যুৱক কেইগৰাকীয়ে ৷ আনকি অৰ্থনৈতিক ক্ষেত্ৰত কিছু হ’লেও লাভাম্বিত হ’বলৈ সক্ষম হৈছে কলিয়াবৰৰ যুৱক কেইগৰাকীয়ে ৷ যি সময়ত চৰকাৰী চাকৰিৰ পিছত দৌৰি আজিৰ প্ৰজন্মই নিজৰ বহুমূলীয়া সময় নষ্ট কৰিছে, তেনে সময়ত এই কেইগৰাকী শিক্ষিত যুৱকৰ কৃষি বিপ্লৱে সমগ্ৰ কলিয়াবৰ অঞ্চলটোতে দাঙি ধৰিছে কৰ্মৰ এক সুন্দৰ নিদৰ্শন ।

লগতে পঢ়ক : শেষ হ'ব চাৰধাম যাত্ৰা; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.