ETV Bharat / state

নগাঁৱৰ চাপানলাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

author img

By

Published : May 14, 2020, 2:36 PM IST

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানলাত ডাঠ হাবিৰ পৰা ওলাই অহা, এটা আঘাৰপ্ৰাপ্ত লাজুকী বান্দৰ উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই । নিজ ঘৰতে দুদিনীয়া প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত বৃহস্পতিবাৰে বনাঞ্চলত এৰি দিয়ে লাজুকী বান্দৰটো ।

slow loris rescued in nagaon sapanala
slow loris rescued in nagaon sapanala

নগাঁও, 14 মে': নগাঁৱৰ চাপানলাত এগৰাকী প্ৰকৃতিপ্ৰেমী লোকে উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ । অসুস্থ অৱস্থাত উদ্ধাৰ কৰা বান্দৰটো নিজ ঘৰতে দুদিনীয়া চিকিৎসাৰ অন্তত বনাঞ্চলত এৰি দিয়ে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই । নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিছাৰ 1 নং লাইনৰ সমীপতে, পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই আহিছিল লাজুকী বান্দৰটো । এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে, ততাতৈয়াকৈ ঠাই খনত উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ।

নগাঁৱৰ চাপানলাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো মূৰ আৰু আগ ঠেঙত আঘাতপ্ৰাপ্ত অৱস্থাত আছিল । যাৰ বাবে প্ৰকৃতিপ্ৰেমী লোকগৰাকীয়ে বান্দৰটো নিজৰ ঘৰতে ৰাখি দুদিন ধৰি প্ৰদান কৰি আহিছিল প্ৰাথমিক চিকিৎসা । প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিচতে ক্ৰমশঃ সুস্থ হৈ পৰে লাজুকী বান্দৰটো । চাপানলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতত, দুষ্প্ৰাপ্য লাজুকী বান্দৰটো বৃহস্পতিবাৰে মুকলি কৰি দিয়া হয় নিকটৱৰ্তী চোৱাং সংৰক্ষিত বনাঞ্চলত । দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ আভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে, খাদ্যৰ সন্ধানত তথা সুৰক্ষিত স্থান বিচাৰি ভৈয়ামৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণী সমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে, "মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯" প্ৰাপক প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই । উল্লেখ্য যে, দুলু বৰাই বিগত সময়তো প্ৰায় ১৭ টাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ সংকটজনক পৰিস্থিতিত উদ্ধাৰ কৰি চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিছিল ।

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ডঃ পূৰ্ণিমা দেৱী বৰ্মন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.