কলিয়াবৰ, ১০ মাৰ্চ: কিয় নিৰ্ধাৰিত সময়ত নচলে শিলঘাট-গুৱাহাটী ডেমু (DEMU) ৰে'ল ? কিয় প্ৰতিদিনেই যাত্ৰীসকল হ'ব লগা হয় সমস্যাৰ সন্মুখীন ? নানান সমস্যাৰে ভাৰাক্ৰান্ত ৰে'খনৰ ক্ষেত্ৰত গুৰুত্ব নাই উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ(NEF Railway does not have any importance) ।
অসমৰ অন্যতম পুৰণি ৰে'ল ষ্টেচনটোৰ পৰা চলাচল কৰে কেইবাখনো ৰে'লে । প্ৰধানকৈ স্থানীয় যাত্ৰীৰ সহায় হোৱাকৈ প্ৰতি পুৱা শিলঘাট ষ্টেচনৰ পৰা গুৱাহাটীলৈ দৈনিক চলাচল কৰে শিলঘাট-গুৱাহাটী ডেমু (DEMU) ৰে'লখন । অস্বাভাৱিক বাছ ভাড়াত কোঙা সাধাৰণ জনতাক বহু গুণে সকাহ দি আহিছিল এই ৰে'লখনে । সীমিত ভাড়াৰ বাবে বহু সংখ্যক যাত্ৰী নিৰ্ভৰশীল এই ৰে'লখনৰ ওপৰত ।
কিন্তু শেহতীয়াকৈ এই ৰে'লসেৱা ৰাইজৰ বাবে হৈ পৰিছে সমস্য়াৰ ভঁড়াল । প্ৰায়েই ৰে'লখনত হোৱা বিজুতিৰ পিছতো আজিলৈকে ইয়াৰ স্থায়ী মেৰামতি নহ'ল । দৈনিক পুৱা ৬ বজাত শিলঘাটৰ পৰা যাত্ৰা কৰিবলগীয়া ৰেলখনে প্ৰায়েই যান্ত্ৰিক বিজুতিৰ বাবে ৮ পৰা ৯ বজাত যাত্ৰা কৰে গুৱাহাটীলৈ । নিশা ৮:৩০ বজাত শিলঘাট পাবলগীয়া পেচেঞ্জাৰ ৰেলখনে নিশা ১১ ৰ পৰা ১২ বাজে শিলঘাট পাবলৈ ।
একেদৰে প্ৰায়েই আদবাটতে বিকল হৈ পৰে ৰে'লখন । যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে ৰে'লখনৰ নিয়মীয়া যাত্ৰীসকল । প্ৰতিদিনেই যাত্ৰীৰ বহুমূলীয়া সময় নষ্ট কৰা ৰে'লখন মেৰামতি বা নতুন এখন ৰে'লৰ সংযোগ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অমনোযোগিতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে ২০১৭ বৰ্ষৰ ৮ এপ্ৰিলত উত্তৰ-পূব সীমান্ত ৰে'ল সেৱাৰ নৱ-প্ৰযুক্তিৰ ডেম' ইঞ্জিন সংযুক্ত ৰেলসেৱা আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত যাত্ৰীৰ বাবে সকাহৰ অন্য এক নাম হৈ পৰা ৰে'লখন এতিয়া যাত্ৰীৰ বাবে মূৰৰ কামোৰণিলৈ ৰূপান্তৰ হৈছে । যাৰ ফলত অস্বাভাৱিক বাছ ভাড়া দি যাত্ৰী সকলে বাছেৰে যাত্ৰা কৰাও পৰিলক্ষিত হৈছে । শীঘ্ৰেই নানা সমস্যাৰে ভাৰাক্ৰান্ত এই ডেমু ৰে'খন সলনি কৰি পূৰ্বৰ আৰ্হিৰ ৰে'লখনৰ চলাচল অব্যাহত ৰখাৰ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে ।
লগতে পঢ়ক:বিজেপিৰ চক্ৰান্তত ভৰি দিলে অসমৰ ৰাইজে: বিৰোধী দলপতি