কলিয়াবৰ,7মে': জহিখহি গৈছে দেশৰ ৰে'লৰ মানচিত্ৰত স্থান লাভ কৰা তথা ব্ৰিটিছে স্থাপন কৰা শিলঘাট ৰে'ল ষ্টেচন ৷ ষ্টেচনটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । ষ্টেচনটোৰ আধুনিকীকৰণৰ বাবে 2017 বৰ্ষতে ৰে'ল বিভাগে মোকলাই দিছিল সোতৰ কোটি টকা ৷ য'ত আছিল উন্নত মানৰ চিমেণ্ট কংক্ৰিট ব্লকৰ ওখ প্লেটফৰ্ম, পিটলেন আৰু চিনলেন নিৰ্মাণৰ পৰিকল্পনা ।
কিন্তু বৰ্তমান নিম্নমানৰ কাম আৰু লেহেমীয়া গতিৰ বাবে বাবে জহিখহিহে যাবলৈ ধৰিছে এই ঐতিহাসিক ৰে'ল ষ্টেচনটো ৷ আনহাতে ৰে'ল ষ্টেচনটোৰ প্ৰৱেশ পথটোত কোনো নলা-নৰ্দমাৰ ব্যৱস্থা নথকাত এজাক বৰষুণতে পানী জমা হৈ যাত্ৰীৰ হাৰাশাস্তিৰ কাৰণ হৈ পৰিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷