কলিয়াবৰ, 2 ডিচেম্বৰ : অচলাৱস্থাৰ এমাহ ৷ অসম সমবায় মৰাপাট কলত অচলাৱস্থা অব্যাহত ৷ যোৱা এমাহে কাম বন্ধ হৈ থকাত কলকৰ্মী-ব্যৱসায়ীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ কল কৰ্তৃপক্ষৰ, শ্ৰমিক আৰু মৰাপাট যোগানকাৰী সহমতত উপনীত হৈছিল ৷ দহ কোটি টকাৰ চৰকাৰী অনুদানেৰে মৰাপাট ব্যৱসায়ীৰ অনাদায়ী ধনৰ যোৰা মৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে বিভাগীয় নথি-পত্ৰ পৰীক্ষা তথা আনুসংগিক কাম-কাজত ব্যস্ত মিল কৰ্তৃপক্ষ ৷
যোৱা ২ নৱেম্বৰত সৃষ্টি হোৱা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত উৎপাদন বন্ধ হৈ পৰিছিল কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত । ইতিমধ্যে কল কৰ্তৃপক্ষ, শ্ৰমিক আৰু মৰাপাট যোগানকাৰী সহমতত উপনীত হৈছে । অনতিপলমে কলৰ চকা ঘূৰোৱাৰ বাবে পূৰ্ণোদ্যমে যাৱতীয় প্ৰস্তুতি চলি আছে শিলঘাটৰ মৰাপাট কলত । মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে পাব লগীয়া প্ৰাপ্য ধন নাপালেও কলটোৰ পুনৰ উৎপাদন শীঘ্ৰে আৰম্ভ কৰিবৰ বাবে আহ্বান জনাইছে কলটোলৈ মৰাপাট যোগান ধৰা ব্যৱসায়ী সকলে । অনাদায়ী ধনৰ পঞ্চাশ শতাংশ ধন পালেই পুনৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় মৰাপাট যোগান ধৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মৰাপাট ব্যৱসায়ীয়ে ৷
সমবায় খণ্ডৰ লাভজনক উদ্যোগ ৰূপে স্বীকৃত অসম সমবায় মৰাপাট কলৰ কৰ্মী-কৰ্মচাৰীৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থৰ লগতে কৃষি অৰ্থনৈতিক ভেটি তৰান্বিত কৰা স্বাৰ্থত শ্ৰমিক আৰু কৰ্তৃপক্ষ সহমতত উপনীত হোৱাতো এক আশাৰ সঞ্চাৰ কৰিছে কলিয়াবৰত। শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ ভৱিষ্যতক লৈ কল কৰ্তৃপক্ষ, শ্ৰমিক-কৰ্মী পক্ষ আৰু ব্যৱসায়ীয়ে পূৰ্বৰ সকলো তিতা-কেঁহা অভিজ্ঞতা পাহৰি কলটোক জীয়াই ৰখাৰ স্বাৰ্থত এক সহমতত উপনীত হোৱাত আনন্দিত কলিয়াবৰবাসী ।
লগতে পঢ়ক : অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ