ETV Bharat / state

কলিয়াবৰত শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ দাবী - কলিয়াবৰ

অচলাৱস্থাই দেখা দিয়া শিলঘাট অসম সমবায় মৰাপাট কলটো পুনৰুজ্জীৱিত কৰাৰ আহ্বান জনাই শুকুৰবাৰে কল কৰ্মী তথা স্থানীয় ৰাইজ আৰু ব‍্যৱসায়ীৰ সভা আয়োজন ৷ সভাত কলটোৰ পৰিচালনা সভাৰ অধ‍্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰীক বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰি সহস্ৰাধিক শ্ৰমিকক সকাহ দিবলৈ আহ্বান জনোৱা হয় ৷

silghat jute mill discusion
শিলঘাট অসম সমবায় মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ দাবী
author img

By

Published : Nov 6, 2020, 7:14 PM IST

কলিয়াবৰ,6 নৱেম্বৰ : নগাঁৱৰ শিলঘাট অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা ৷ অনিশ্চয়তাত ভুগিছে মৰাপাট কল কৰ্মী, কলিয়াবৰীয়া ৰাইজ ৷ সকলো অচলাৱস্থা দূৰ কৰি শিলঘাট অসম সমবায় মৰাপাট কল পুনৰুজ্জীৱিত কৰাৰ পক্ষত একত্ৰিত হ’ল কল কৰ্মী তথা স্থানীয় ৰাইজ আৰু ব‍্যৱসায়ী ৷

শুকুৰবাৰে এক ৰাজহুৱা সভাত উপস্থিত হৈ সকলোৱে সমস্বৰে পুনৰ কল চলোৱাৰ পক্ষত মত প্ৰকাশ কৰে। চাৰিদিন ধৰি উৎপাদন বন্ধ হৈ অচলাৱস্থাৰ সৃষ্টি হোৱা শিলঘাটৰ অসম সমবায় মৰাপাট কল পুনৰ চলোৱাৰ পক্ষত সুধাকণ্ঠ সাংস্কৃতিক ক্ষেত্ৰত একত্ৰিত হয় কেইবা শতাধিক শ্ৰমিক ।

শিলঘাট অসম সমবায় মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ দাবী

সভাত কল পৰিচালক মণ্ডলী আৰু পৰিয়ালৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণৰ বাবেও আহ্বান জনায় শ্ৰমিকসকলে । আনহাতে মৰাপাট কলটোত যোৱা 2 নৱেম্বৰত অন্য অশুভ শক্তিয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ তুলি ঘটনাৰ সৈতে জড়িত সকলক শাস্তিৰ দাবী জনোৱা হয় ৷

বিগত সোমবাৰে সৃষ্টি হোৱা উত্তেজনাৰ পাছত মঙলবাৰে মজুত থকা নামমাত্ৰ মৰাপাটেৰেই বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ‍্য ৰাখি কলটোৰ কৰ্মীবৃন্দ উৎপাদন কাৰ্যত ব‍্যস্ত হৈছিল যদিও পুনৰ বন্ধ হৈ পৰে কলটো । এই অনিশ্চয়তা দূৰ কৰিবলৈ কলটোৰ পৰিচালনা সভাৰ অধ‍্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰীক হস্তক্ষেপ কৰি সহস্ৰাধিক শ্ৰমিকক সকাহ দিবলৈ আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক : গোৱালপাৰাত মাইক্ৰ'ফাইনেঞ্চ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.