ETV Bharat / state

বন্ধৰ দিশে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অমান্য কৰা ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Jul 10, 2020, 7:16 PM IST

নগাঁৱত বন্ধ হ’ব স্বাস্থ্য বিভাগৰ নীতি-নিয়ম নমনা ব্যৱসায়িক প্ৰতিষ্ঠান ৷ মাস্ক পৰিধান নকৰা আৰু স্বাস্থ্য বিভাগৰ নীতি নিয়ম নমনা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ অভিযান নগাঁও আৰক্ষীৰ ৷

shops will be closed who denied to obey rules of medical department nagaon assam etv bharat news
নগাঁও আৰক্ষীৰ কঠোৰ অভিযান

নগাঁও,10 জুলাই: কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাত কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী ৷ আৰক্ষীয়ে মাস্ক পৰিধান নকৰি সামাজিক দুৰত্বক আওকাণ কৰি নগাঁৱৰ বজাৰত ভিৰ কৰা একাংশৰ প্ৰতি কঠোৰ ভূমিকা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ বিগত সময়ত এই সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত চহৰখনৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ।

নগাঁও আৰক্ষীৰ কঠোৰ অভিযান

নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত নগৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোকক 500 টকাকৈ জৰিমনা বিহা শুকুৰবাৰে পৰিলক্ষিত হৈছে । ইয়াৰোপৰি চহৰখনৰ দোকানে-দোকানে অভিযান চলাই আৰক্ষীৰ দলটোৱে সামাজিক দুৰত্ব নমনা, হাত ধোৱা আৰু চেনিটাইজাৰৰ ব্যৱস্থা নৰখা প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব বুলি ঘোষণা কৰে ৷

লগতে চাওকঃ মুকালমুৱাৰ দুই পৃথক স্থানত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.