নগাঁও,২৯ মে': নগাঁও আৰক্ষীৰ জালত পৰিল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জালনোটৰ বেহা আৰম্ভ কৰা এটা চক্ৰ (Fake currency racket in Nagaon) । দেওবাৰে দুপৰীয়াভাগত এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে বাহৰ পাতিছিল নগাঁৱৰ বৰঘাটত । হোজাইৰ পৰা শ্বিলং অভিমুখে গৈ থকা এখন বাহনৰ ওপৰত সন্দেহ হোৱাত আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে ।
কিন্তু নগাঁৱৰ জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভয়জ্যোতি ৰাভা আৰু নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত ফুকনৰ নেতৃত্বত থকা আৰক্ষীৰ দলটোৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰে বাহনখনে । লগে লগে আৰক্ষীৰ দলটোৱে জালনোট সৰবৰাহকাৰীৰ বাহনৰ পিছে পিছে খেদি গৈ দেওধৰত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।
বাহনখন ৰখাই তালাচী চলোৱাত ওলাই পৰে জোলোঙাৰ মেকুৰী । পাঁচ লাখ টকাৰ জালনোট লৈ হোজাইৰ পৰা শ্বিলঙলৈ গৈ আছিল বাহনখন । আৰক্ষীয়ে জালনোট খিনি জব্দ কৰাৰ লগতে আটক কৰে জালনোট সৰবৰাহৰে জড়িত দুজন যুৱক আৰু দুগৰাকী যুৱতীক(Four persons arrested with fake currency) । লগতে জব্দ কৰে জালনোট সৰবৰাহত ব্যৱহৃত ইক' বাহনখনৰ লগতে কেইবাটাও ম'বাইলফোন ।
জানিব পৰা মতে আৰক্ষীয়ে আটক যুৱক দুজনৰ নাম শ্বিলঙৰ লামহং মৈৰাম , দিনেশ মাৰাক । অধিক তথ্যৰ বাবে চাৰিও সৰবৰাহকাৰীক আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে । এই সৰবৰাহৰে জড়িত আৰুলোক জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
লগতে পঢ়ক: মোক গাঁত খান্দি পুতি থওক : এছ আই জোনমণি ৰাভা