নগাঁও,24 জানুবাৰী : নগাঁও চহৰৰ মাজমজিয়াৰ এটা নিৰ্দিষ্ট ভাড়াঘৰ । য'ত সন্ধিয়া হ’লেই আগমন ঘটে বহু যুৱক-যুৱতীৰ লগতে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ । ইপিনে তাৰ মাজতে এগৰাকী মহিলাই ভাড়া লোৱা ঘৰটোত নিতৌ যুৱক-যুৱতীৰ আহ যাহ দেখি সন্দেহ উপজিল স্থানীয় লোকৰ । অৱশেষত ৰাইজে উৎখাত কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই অহা চক্ৰটো ।
নগাঁও চহৰখনৰ মাজমজিয়াত চলাই থকা নাৰী দেহ ব্যৱসায়ী চক্ৰটোক লৈ শনিবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ ভাড়াঘৰটোত দেহ ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শনিবাৰে সন্ধিয়া অভিযান আৰম্ভ কৰে স্থানীয় লোকে । ঘৰটোত অচিনাকি যুৱতীৰ লগতে এজন যুৱককো আটক কৰে স্থানীয় লোকে । ইফালে যুৱতীৰ সৈতে আটক কৰা যুৱকজনক উত্তম মাধ্যম শোধাই ক্ষুব্ধ ৰাইজে ।
আনহাতে ঘৰটোত ভাড়াতীয়া হিচাপে থকা মহিলাগৰাকীৰ বিৰুদ্ধেই দেহ ব্যৱসায় চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ভাড়াতীয়া মহিলাসহ ৰাইজে আটক কৰা যুৱক-যুৱতী হালকো আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে। সম্প্ৰতি নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ মহিলা, যুৱতীসহ যুৱকক আটক কৰাৰ লগতে আৰম্ভ কৰিছে অনুসন্ধান।
লগতে পঢ়কঃ ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান