ETV Bharat / state

নগাঁৱত কংগ্ৰেছ আৰু এআইইউডিএফত বৃহৎ খহনীয়া - Nagaon news

AGP joining program: নগাঁও আৰু হোজাই জিলাৰ ৩০০ৰো অধিক কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতা-কৰ্মীয়ে অগপ দলত যোগদান কৰে । লোকসকলক অগপ দললৈ আদৰণি মন্ত্ৰী কেশৱ মহন্তৰ । বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ক তীব্ৰ সমালোচনা মহন্তৰ ।

AGP joining program
নগাঁৱত কংগ্ৰেছ আৰু এআইইউডিএফৰ বৃহৎ খহনীয়া
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 5:27 PM IST

নগাঁৱত কংগ্ৰেছ আৰু এআইইউডিএফৰ বৃহৎ খহনীয়া

নগাঁও, ৬ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । অসমৰ আঞ্চলিক দল তথা বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদেও নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশস্বৰূপে দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে অগপ দলটোৱে । বিভিন্ন জিলাৰ লগতে নগাঁও আৰু হোজাই জিলাত দলটোৱে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ।

ইয়াৰ মাজতে শনিবাৰে ৩ শতাধিক লোকে অগপ দলত যোগদান কৰে । বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ বিভিন্ন পদবীত থকা নেতা-কৰ্মীসকলে অগপ দলত যোগদান কৰে । অগপৰ নগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এক সভাত নগাঁও আৰু হোজাই জিলাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতাসকলে দলটোত যোগদান কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তই লোকসকলক দললৈ আদৰণি জনায় ।

ইফালে যোগদান অনুষ্ঠানত কেশৱ মহন্তই বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতাই অগপ দলত যোগদান কৰাৰ কথা সদৰী কৰে । তেওঁৰ মতে পৰৱৰ্তী সময়ত স্থানীয়ভাৱেও বহু লোকে অগপ দলত যোগদান কৰিব । আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে আলোচনা কৰি আসন ভাগ-বটোৱাৰা কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

তেওঁ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'কলৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিভিন্ন ৰাজ্যত বেলেগ দলৰ চৰকাৰ থকাৰ কথা উল্লেখ কৰি আগন্তক নিৰ্বাচনৰ পূৰ্বেই 'ইণ্ডিয়া' ভংগ হ'ব বুলিও দাবী কৰে কেশৱ মহন্তই । ইফালে নগাঁও আৰু নলবাৰী মেডিকেল কলেজত খালী হৈ থকা পদ অতি শীঘ্ৰে পূৰণ কৰাৰ কথাও উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । নগাঁও জিলা আয়ুক্তই এগৰাকী সাংবাদিকক অপদস্থ কৰা ঘটনা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

শনিবাৰে অগপ দলৰ নগাঁও জিলা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.