ETV Bharat / state

৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ - Nagaon retired amy officer

দেশমাতৃৰ সেৱাত নিয়োজিত হৈয়ো শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া চলাই গৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই । অৱসৰৰ পাছতো দ্বিতীয়বাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে নগাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে (Retired Indian army officer got masters degree)। জীৱনৰ অন্তিম সময়লৈকে শিক্ষাগ্ৰহণৰ লক্ষ্য স্থিৰ কৰা অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এতিয়া প্ৰস্তুতি চলাইছে ডক্টৰেট ডিগ্ৰীৰ বাবে ।

Retired Indian army officer got masters degree
৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ
author img

By

Published : May 16, 2022, 8:09 PM IST

নগাঁও, 16 মে’: প্ৰৱল ইচ্ছাশক্তি আৰু আগ্ৰহে যে সকলো সম্ভৱ কৰে তাকে প্ৰমাণ কৰি দেখুৱালে ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই । দেশমাতৃৰ সেৱাত নিয়োজিত হৈয়ো চলাই গৈছিল শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া । অৱসৰৰ পাছতো দ্বিতীয়বাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে নগাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে (Retired Indian army officer got masters degree)।

জীৱনৰ অন্তিম সময়লৈকে শিক্ষাগ্ৰহণৰ লক্ষ্য স্থিৰ কৰা অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এতিয়া প্ৰস্তুতি চলাইছে ডক্টৰেট ডিগ্ৰীৰ বাবে । নগাঁও চহৰৰ ডিমৰুগুৰিৰ দেৱনাথ বৰদলৈ নামৰ এইগৰাকী ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ কথাই কৈছোঁ । ১৯৭৩ চনতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ সেনাবাহিনীত যোগদান কৰা দেৱনাথ বৰদলৈয়ে ভাৰতীয় সেনাৰ শিক্ষা বিভাগৰ কণিষ্ঠ আয়ুক্ত আৰু পাছত জ্যেষ্ঠ বিষয়া হিচাপে ২০০১ চনতে অৱসৰ গ্ৰহণ কৰে ।

৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ

চাকৰি জীৱনতে এইগৰাকী সেনা বিষয়াই দ্বিতীয়বাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও লাভ কৰিছিল বি এড আৰু স্নাতকোত্তৰ ডিগ্ৰী । কৰ্তব্যৰত অৱস্থাতে দহবাৰকৈ স্নাতকোত্তৰ পৰীক্ষাৰ প্ৰ-পত্ৰ জমা দিছিল যদিও চাকৰিৰ বদলি আৰু কৰ্মব্যস্ততাৰ বাবেই অৱতীৰ্ণ হ'ব পৰা নাছিল পৰীক্ষাত ।

অৱশেষত একাদশবাৰৰ বাবে প্ৰস্তুতি চলাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় প্ৰৱল ইচ্ছাশক্তিৰ অধিকাৰী এই গৰাকী সেনা বিষয়া ৷ কেৱল এয়াই নহয়, ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতো দ্বিতীয়বাৰৰ বাবে লাভ কৰিবলৈ সক্ষম হয় স্নাতকোত্তৰ ডিগ্ৰী । ৭০ বছৰ বয়সত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লাভ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী ।

জীৱনৰ অন্তিম মুহূৰ্তলৈকে শিক্ষা গ্ৰহণৰ ইচ্ছা দেৱনাথ বৰদলৈৰ । দুটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দেৱনাথ বৰদলৈয়ে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ । এই খবৰে পৰিয়ালৰ লগতে ডিমগুৰুগুৰিবাসীক কৰি তুলিছে উৎফুল্লিত । স্বাভাৱিকতে অদম্য ইচ্ছাশক্তি আৰু শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ অধিকাৰী এইগৰাকী সেনা বিষয়াৰ এনে বিৰল সাফল্য হ’ব পাৰে বহুজনৰ বাবে উৎসাহ আৰু আদৰ্শৰ প্ৰতিভূ ৷

লগতে পঢ়ক: ব্যতিক্ৰমী প্ৰচেষ্টা: এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.