ETV Bharat / state

নগাঁৱত অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

author img

By

Published : Aug 8, 2021, 10:03 AM IST

পূব জুৰিপাৰ ২৪৮ নং অংগনবাদী কেন্দ্ৰৰ এগৰাকী কৰ্মীৰ বিৰুদ্ধে স্থানীয় লোকে উত্থাপন কিছে কেইবাটাও বিস্ফোৰক অভিযোগ ৷ অভিযোগ অনুসৰি, অংগনবাদী কেন্দ্ৰলৈ অহা চাউল অংগনবাড়ী কৰ্মীগৰাকীয়ে নিজ ইচ্ছা অনুসৰি বিক্ৰী কৰি আহিছে ৷

llegations of irregularities against Anganbadi centre workers
অনিময়মৰ আশ্ৰম লৈছে পূব জুৰিপাৰ ২৪৮ নং অংগনবাদী কেন্দ্ৰৰ কৰ্মীয়ে

বঢ়মপুৰ, 8 আগষ্ট : ৰাজ্যৰ সমাজ কল্যাণ বিভাগে অংগনবাদী কেন্দ্ৰসমূহ নবীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে একাংশ অংগনবাদী কৰ্মীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই লৈ নগাঁৱৰ কঠিয়াতলী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত পূব জুৰিপাৰ ২৪৮ নং অংগনবাদী কেন্দ্ৰত শনিবাৰে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে ৷ পূব জুৰিপাৰ ২৪৮ নং অংগনবাদী কেন্দ্ৰৰ এগৰাকী কৰ্মীৰ বিৰুদ্ধে স্থানীয় লোকে উত্থাপন কৰিছে কেইবাটাও বিস্ফোৰক অভিযোগ ৷

অভিযোগ অনুসৰি, অংগনবাদী কেন্দ্ৰলৈ অহা চাউল অংগনবাদী কৰ্মীগৰাকীয়ে নিজ ইচ্ছা অনুসৰি বিক্ৰী কৰি আহিছে ৷ ইয়াৰ লগতে অংগনবাদী কৰ্মীগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰটোত চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: চামগুৰিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

স্থানীয় লোকে সাংবাদিকৰ আগত সদৰী কৰা মতে, পূব জুৰিপাৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী ফজিলা খাতুনে কণ কণ শিশুৰ নামত অহা খাদ্যৰ চাউল বিক্ৰী কৰাৰ লগতে কেন্দ্ৰটোলৈ অহা বিশুদ্ধ খোৱা পানীৰ টেংকী স্থাপন নকৰি নিজৰ ঘৰত স্থাপন কৰিছে ৷ কেন্দ্ৰটোৰ সহায়িকা, সভাপতি তথা ৰাইজক কোনো গুৰুত্ব প্ৰদান নকৰি অংগনবাদী কেন্দ্ৰৰ কৰ্মী ফজিলা খাতুনে নিজৰ মইমতালিৰে কেন্দ্ৰটো পৰিচালনা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷

কৰ্মীগৰাকীয়ে পানীৰ টেংকী নিজৰ ঘৰত স্থাপন কৰাৰ বিষয়ে স্থানীয় ৰাইজে সুধিবলৈ যোৱাত কৰ্মীগৰাকীয়ে ৰাইজক দুৰ্ব্যৱহাৰ কৰাত শনিবাৰে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থায়ী কেন্দ্ৰ নথকাৰ বাবে কৰ্মীগৰাকীয়ে নিজৰ ঘৰতে অংগনবাদী কেন্দ্ৰ খুলি লোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ গতিকে অংগনবাদী কেন্দ্ৰৰ কৰ্মী ফজিলা খাতুনৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে পূব জুৰিপাৰৰ ৰাইজে ৷

লগতে পঢ়ক: নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.