ETV Bharat / state

বিহুগীতত প্ৰায়েই শুনা চেনিমাই কোন জানেনে ? - ঢুলীয়া মইমত তাতিঙা আৰু ভগ্নী চেনিমাই

বিহুনামসমূহত প্ৰায়েই শুনিবলৈ পোৱা যায় চেনিমাইৰ নাম (Traditional Bihu song) ৷ কিন্তু কোন এই চেনিমাই সেয়া হয়তো বহুতৰে জ্ঞাত নহয় ৷ চেনিমাইৰ বাবেই আজি অসমীয়াই মুকলিকৈ বিহু উদযাপন কৰিব পাৰিছে ৷ চেনিমাইৰ সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

Rongali Bihu Celebration
বিহুগীতত প্ৰায়েই শুনা চেনিমাই কোন জানেনে?
author img

By

Published : Apr 13, 2022, 9:45 PM IST

নগাঁও, 13 এপ্ৰিল : চেনিমাই চেনিমাই চেনিমাই ঐ, নাজিৰৰ ঘৰলৈ কেনি যায় ঐ ? আহি পালে হেঁপাহৰ ৰঙালী । ব’হাগ মানেই কুলি কেতেকীৰ মাত, প্ৰকৃতিৰ নতুন ৰূপ । ঢোলৰ গুমগুমনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । চৌদিশে কেৱল বিহুগীত আৰু বিহু নৃত্য (Rongali Bihu Celebration)। বিহুগীতত প্ৰায়েই শুনিবলৈ পোৱা যায় চেনিমাইৰ নাম । নগাঁৱৰ পুৰণিগুদাম চলচলি কলংপাৰ হালোৱাগাঁৱত জন্মগ্ৰহণ কৰিছিল চেনিমায়ে । সেই সময়ৰ প্ৰখ্যাত ঢুলীয়া মইমত তাতিঙাৰ ভগ্নী আছিল চেনিমাই । চলচলিৰ বেঙেনাটিৰ এইটো ঘৰৰে বোৱাৰী হৈছিল প্ৰখ্যাত ঢুলীয়া মইমত তাটিঙাৰ ভগ্নী চেনিমাই ।

ব্ৰিটিছ আমোলৰ কথা । অসমীয়াৰ প্ৰাণস্বৰূপ বিহুক এবাৰ হঠাৎ নিষিদ্ধ ঘোষণা কৰিছিল ব্ৰিটিছ চাহাবে (British government banned Bihu dance) । ইংৰাজৰ দাবী আছিল বিহু নৃত্যত আছে অশ্লীলতা । বিহু নৃত্যক অশ্লীল নৃত্য বুলি দাবী কৰি বগা চাহাবে অসমত নিষিদ্ধ কৰিছিল বিহু নৃত্য । ইংৰাজৰ সেই সিদ্ধান্তক সহজভাৱে ল'ব পৰা নাছিল কোনো এজন অসমীয়াই । মানি ল'ব পৰা নাছিল প্ৰখ্যাত ঢুলীয়া মইমত তাতিঙা আৰু ভগ্নী চেনিমায়েও । বিহু নৃত্যক বগা চাহাবে কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ উঠি পৰি লাগিছিল মইমত তাতিঙা, চেনিমাইহহঁত (Oza Maimat Tatinga and his sister Senimai)।

বিহুগীতত প্ৰায়েই শুনা চেনিমাই কোন জানেনে?

প্ৰখ্যাত ঢুলীয়া মইমত তাতিঙা আৰু ভগ্নী চেনিমাইৰ নেতৃত্বত বগাচাহাবৰ সন্মুখত প্ৰদৰ্শন কৰিছিল বিহু নৃত্য । ব্ৰিটিছ চাহাবৰ সন্মুখত বিহু নৃত্য প্ৰদৰ্শন কৰি প্ৰমাণ কৰি দিছিল যে, বিহু কোনো কোনো অশ্লীল নৃত্য নহয় । ইংৰাজ চাহাবেও সেয়া মানি ল’বলৈ বাধ্য হৈছিল । বিহু নৃত্যত কোনো অশ্লীলতা নথকা বুলি প্ৰতীয়মান যোৱাৰ পিছত ব্ৰিটিছ চাহাবে উঠাই ল’বলৈ বাধ্য হৈছিল বিহু নৃত্যৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা । ব্ৰিটিছৰ এই সিদ্ধান্তৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে মইমত তাটিঙা, চেনিমাইহঁত ।

বিহুৰ ওপৰত ইংৰাজে জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতেই উৎফুল্লিত হৈ গুৱাহাটীৰ পৰা উভতি আহিয়েই আৱতৰীয়া বিহু উদযাপন কৰে মইমত তাটিঙা, চেনিমাইহতে । নগাঁৱৰ পুৰণিগুদাম কাষৰিগাঁৱত মইমত তাতিঙাৰ নেতৃত্বত আয়োজন কৰা হয় আবতৰীয়া বিহুৰ । চেনিমাই, মইমত তাটিঙাৰ দৰে অসমীয়াৰ বাবেই ইংৰাজেও নিষিদ্ধ কৰিব পৰা নাছিল অসমীয়াৰ প্ৰাণস্বৰূপ বিহুনৃত্যক । যাৰ বাবে চেনিমাই হৈ পৰিল বিহুগীত, বিহুনামৰ অবিচ্ছেদ্য অংগ ৷

লগতে পঢ়ক: বিহুৰ আখৰাত ব্যস্ত কপৌ জেং বিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.