ETV Bharat / state

Forest department seize illegal timber mills: নগাঁৱত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

author img

By

Published : Jun 14, 2023, 6:29 PM IST

Updated : Jun 15, 2023, 2:37 PM IST

নগাঁৱত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত নগাঁৱৰ পানীখাইটিত অভিযান । অভিযানকাৰী দলক আক্ৰমণৰ চেষ্টা একাংশ লোকৰ ৷ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

Seized illegal timber mills at Nagaon
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান

নগাঁও,13 জুন: নগাঁৱত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । বুধবাৰে অবৈধভাৱে চলি থকা কাঠফলা মিল জব্দ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । নগাঁও সদৰ আঞ্চলিক বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাবলৈ উপস্থিত হয় নগাঁৱৰ পানীখাইটিত । পানীখাইটিত থকা অবৈধ কাঠফলা মিল জব্দ কৰাৰ সময়তে একাংশ লোকে বন বিভাগৰ দলটোক আৱদ্ধ কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ।

আনকি বন বিভাগৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হয় অবৈধ কাঠমিলটোৰ সৈতে জড়িত একাংশ পুৰুষ মহিলাই । বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত যোৱা দলটোক আৱদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাত আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৱদ্ধ বন বিষয়া কল্যাণী মালাকাৰক উদ্ধাৰ কৰে ।

আৰক্ষীৰ উপস্থিতিৰ উমান পায় বন বিভাগৰ দলটোক আক্ৰমণৰ চেষ্টা চলোৱা একাংশ লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত অবৈধভাৱে চলি থকা পানীখাইটিৰ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে । বন বিভাগৰ দলটোক আৱদ্ধ কৰি আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাত জড়িত ব্যক্তিৰ বিৰুদ্ধে নগাঁও বন বিভাগে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি সদৰি কৰিছে । ইফালে বন বিভাগৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে অবৈধ কাঠফলা মিলৰ পৰা নিয়মীয়াকৈ ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

বন বিভাগৰ কোনো লোকে অবৈধ মিলৰ পৰা ধন লোৱাৰ প্ৰমাণ লাভ কৰিলে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কল্যাণী মালাকাৰে । ‘‘অবৈধভাৱে চলি থকা কাঠৰ মিল উচ্ছেদ কৰিম, তাত আমাক বাধ দিব নোৱাৰে ৷ বহু দিনৰ পৰা এই অঞ্চলত অবৈধভাৱে কাঠফলা মিল চলি থকাৰ খবৰ পাইছিলো ৷ যিমান অবৈধ কাঠফলা মিল আছে সকলো জব্দ কৰিম ৷’’ এই মন্তব্য বন বিষয়া কল্যাণী মালাকাৰৰ ৷ ইফালে অবৈধ কাঠফলা মিল উচ্ছেদ কৰিবলৈ যোৱা বন বিভাগৰ দলটোক অপদস্থ কৰাৰ লগতে আক্ৰমণৰ চেষ্টা চলোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:Sadhana Kathak Kendra: সাধনা কথক কেন্দ্ৰৰ উদ্যোগত বন্দন-2023 শীৰ্ষক অনুষ্ঠান

Last Updated : Jun 15, 2023, 2:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.