ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি ১৪৪ ধাৰা

author img

By

Published : Oct 26, 2021, 10:29 AM IST

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি কৰিছে ১৪৪ ধাৰা ৷ অবৈধ ধাবা-ৰেষ্টোৰাসমূহলৈ জাননী জাৰি কৰি পোহৰ, সজ্জাৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ বন বিভাগৰ ৷ বন বিভাগৰ এটা দলৰ সৈতে কলিয়াবৰৰ চক্ৰ বিষয়াৰ এনিমেল কৰিড'ৰ পৰিদৰ্শন ৷

KNP Animal Corridoor
কজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি ১৪৪ ধাৰা

কলিয়াবৰ, 26 অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলে প্ৰাকৃতিকভাৱে বিচৰণ কৰাতো অত্যন্ত প্ৰয়োজন । গঁড়, হাতী, বাঘ, পহু আদি বন্যপ্ৰাণীয়ে প্ৰাকৃতিকভাৱে বিচৰণ কৰিব নোৱাৰিলে বংশবৃদ্ধিত বাধাৰ সৃষ্টি হয় । সেয়ে বিশ্ব ঐতিহ্যক্ষেত্ৰ কজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিচৰণত বাধাৰ সৃষ্টি নহ'বলৈ বন বিভাগে পাণবাৰী, হালধিবাৰী, বাগৰি, হাৰমতী, কাঞ্চনজুৰি, হাতীদণ্ডি, দেওচুৰ, চিৰাং আৰু আমগুৰিক সামৰি মুঠ নটা স্থানক এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত কৰিছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি কৰিছে ১৪৪ ধাৰা । ইতিমধ্যে মহকুমাটোৰ অন্তৰ্গত বাগৰি, হাৰমতী, কাঞ্চনজুৰি, হাতীদণ্ডি, দেওচুৰ, চিৰাং আৰু আমগুৰি এনিমেল কৰিড'ৰৰ আশে-পাশে থকা হোটেল-ৰেষ্টোৰাসমূহ চক্ৰ বিষয়াৰ সৈতে বন বিভাগৰ এটা দলে সোমবাৰে পৰিদৰ্শন কৰে ৷ এনিমেল ক'ৰিডৰ সমূহেৰে জীৱ-জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হওঁতে যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি হোটেল, ধাবাসমূহত বিশেষকৈ বাহিৰৰ পোহৰ, সজ্জা আদি বন্ধ কৰিবলৈ মহকুমা প্ৰশাসনে জাননী জাৰি কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭ টাকৈ এনিমেল কৰিড'ৰৰ আশে-পাশে থকা হোটেল, ধাবাসমূহত এতিয়াৰে পৰা ৰং-বিৰঙৰ পোহৰৰ সাজ-সজ্জা, হাই ভল্টেজৰ বিজুলীবাতি বন্ধ কৰি ৰাখিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ হৈ চক্ৰ বিষয়াই নিৰ্দেশ প্ৰদান কৰে ।

তদুপৰি, এনিমেল ক'ৰিডৰসমূহৰ আশে-পাশে যিসকল লোকে ২০১৯ চনৰ ১৯ এপ্ৰিলৰ পাচত ঘৰ, হোটেল, ধাবা আদি নিৰ্মাণ কৰিছে, তেওঁলোকক নিৰ্মাণৰ কাম বন্ধ কৰিবৰ বাবেও জাননী জাৰি কৰিছে বন বিভাগে । যিসকল লোকে এই নিয়ম উলংঘা কৰিব, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে চক্ৰ বিষয়া পাৰ্থপ্ৰতীম বৰ্মনে ।

লগতে পঢ়ক : সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.