ETV Bharat / state

পুৰণিগুদামৰ নামঘৰত প্ৰতিষ্ঠা হ'ব বিপুল বৰাৰ নিৰ্মিত গৰুড় পক্ষী, হনুমানৰ মূৰ্তি - sculpture

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত নগাঁৱৰ ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাই নিৰ্মাণ কৰি উলিয়াইছে গৰুড় পক্ষী, হনুমানৰ মূৰ্তি । পুৰণিগুদামৰ গড়মূৰৰ নামঘৰত প্ৰতিষ্ঠা কৰা হ'ব বিপুল বৰাই নিৰ্মাণ কৰা এই মূৰ্তি । বুধবাৰে গড়মূৰৰ ভকতসকলে ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে লৈ যায় গৰুড় পক্ষী, হনুমানৰ মূৰ্তি ।

Sculpture Bipul Kumar Bora story
পুৰণিগুদামৰ নামঘৰত প্ৰতিষ্ঠা কৰা হ'ব বিপুল বৰাই নিৰ্মাণ কৰা গৰুড় পক্ষী, হনুমানৰ মূৰ্তি
author img

By

Published : Nov 10, 2021, 7:27 PM IST

চামগুৰি, ১০ নৱেম্বৰ: বুধবাৰে ভকতেৰে ভৰি পৰিল প্ৰবীণ ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাৰ নগাঁৱৰ চামগুৰিৰ শিঙীয়া-কুমাৰগাঁওস্থিত বাসগৃহ । বিপুল কুমাৰ বৰাই নিৰ্মাণ কৰা গৰুড় পক্ষী, হনুমানৰ মূৰ্তি ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে আগবঢ়াই নিবলৈ আহে পুৰণিগুদাম গড়মূৰৰ ভকতসকল । বিপুল কুমাৰ বৰাৰ নিখুঁত শিল্পকৰ্মৰ প্ৰশংসাত পঞ্চমুখ ভকত-বৈষ্ণৱসকল । তেওঁ চিমেণ্টেৰে নিৰ্মাণ কৰিছে গৰুড় পক্ষী, হনুমানৰ মূৰ্তি ।

পুৰণিগুদামৰ নামঘৰত প্ৰতিষ্ঠা হ'ব বিপুল বৰাৰ নিৰ্মিত গৰুড় পক্ষী, হনুমানৰ মূৰ্তি

নামঘৰত প্ৰতিষ্ঠা কৰা হ'ব এই মূৰ্তি । বিপুল বৰাই দীৰ্ঘদিন ধৰি শংকৰী ভাস্কৰ্যৰ আৰ্হিত কংক্ৰিটেৰে নিৰ্মাণ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিয়ে সমাদৰ লাভ কৰি আহিছে মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ মাজত । তেওঁ নিৰ্মাণ কৰা মূৰ্তিবোৰৰ ভিতৰত জয়-বিজয়, নামসিংহ, গৰুড়, হনুমান, বিষ্ণুৰ অনন্তশয্যা, গায়ন-বায়নৰ মূৰ্তি আতি লেখত ল'বলগীয়া । আনহাতে, ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাই কাঠৰে কেৱল মাত্ৰ এক ফুট উচ্চতাৰ ক্ষুদ্ৰতম গুৰু-আসন নিৰ্মাণ কৰি ২০২০ চনত "এচিয়া বুক অৱ ৰেকৰ্ড" আৰু "ইণ্ডিয়া বুক অৱ ৰেকৰ্ড"ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।

এই শিল্পকৰ্মৰ জৰিয়তে বিপুল বৰাই কেৱল নিজৰ পৰিয়ালটো পোহপাল দিয়াই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছে । তেওঁৰ সুন্দৰ শিল্পকৰ্মক লৈ এতিয়া সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত ।

লগতে পঢ়ক:চকুত চকুলো হাতত পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এজাহাৰ লৈ থানালৈ আহিল বৃদ্ধ দম্পতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.