মৰিগাঁও, ১৩ জানুৱাৰী : অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মঙলবাৰে মৰিগাঁও জিলাৰ মেধাৱী ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় একোখনকৈ স্কুটী । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ফকিৰ মটৰ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাখনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ৪০ গৰাকী কৃতি ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় । এই বঁটা প্ৰদান অনুষ্ঠানত মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম, বৰথল দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুচ, মৈৰাবাৰী কনিষ্ঠ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষা ছালেহা বেগম, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমান আৰু ফকিৰ মটৰ্চৰ স্বত্বাধিকাৰী জাকিৰ হুছেইন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উদেশ্যে শৈক্ষিক ভাষণ প্ৰদান কৰে ।
![মৰিগাঁৱত স্কুটি বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-02-13jan-award-asc10013_13012021090535_1301f_1610508935_722.jpg)
বঁটা গ্ৰহণ কৰি অসম চৰকাৰৰ লগতে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰি এই বঁটাই ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব বুলি কয় মেধাৱী ছাত্ৰীসকলে ।
লগতে পঢ়ক: সংকটত কেশৱ মহন্তৰ বিধায়ক পদ