নগাঁও,৪ জুন: নগাঁৱত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া কলা, সংস্কৃতি প্ৰদৰ্শন । কণ কণ শিশুৰ উদ্ভাৱনে আকৰ্ষিত কৰিলে শিক্ষক, অভিভাৱকক । নগাঁও খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত অনুষ্ঠিত কৰা এখনি বিজ্ঞান পদৰ্শনীত দেখা গ'ল এই চমক(Science exhibition at Nagaon Christ Jyoti School) । বিজ্ঞানৰ বহু অভিনৱ উদ্ভাৱনৰ লগতে পদৰ্শনীখনত জিলিকি উঠিল অসমৰ কৃষ্টি-সংস্কৃতি ।
পদৰ্শনীখনত এগৰাকী ছাত্ৰই পদৰ্শন কৰিলে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ লগতে বিশুদ্ধ কৰি খোৱাপানীৰ অভাৱ দূৰ কৰিব পৰা বৈজ্ঞানিক ভিত্তিক এক মডেল । তদুপৰি ভূমিকম্পৰ সময়ত সংকেটৰ জৰিয়তে ভূমিকম্পৰ বিষয়ে অৱগত হ'ব পৰাকৈ ভূমিকম্প এলাৰ্ম উদ্ভাৱন কৰিও বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে পঞ্চম শ্ৰেণীৰ পাঁচগৰাকীকৈ ছাত্ৰই ।
বহু শিশু বিজ্ঞানীৰ উদ্ভাৱনে বিদ্যালয়খনৰ শিক্ষক তথা অভিভাৱকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে যি সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত অসমীয়া ভাষা-সংস্কৃতিৰ কোনো ধৰণৰ চৰ্চা নহয় বুলি অভিযোগ উত্থাপিত হয়, তেনে সময়তে খ্ৰীষ্টজ্যোতি বিদ্যালয়ত কৰা হৈছে অসমীয়া কলা, সংস্কৃতিৰ প্ৰদৰ্শন ।
বিজ্ঞান প্ৰদৰ্শন, অসমীয়া কলা-সংস্কৃতিৰ প্ৰদৰ্শনৰ দ্বাৰা ছাত্ৰ-ছাত্রীৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ চেষ্টা কৰে বিদ্যালয় কৰ্তৃপক্ষই । শনিবাৰে বিদ্যালয়খনত আয়োজন কৰা অনুষ্ঠানত চহা অসমীয়া কৃষি সঁজুলিৰ পৰা অসমীয়া সাজ পাৰ, গহনা প্ৰদৰ্শন কৰাৰ উপৰিও গুৰু আসন, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বহু অসমৰ সৃষ্টি প্ৰদৰ্শন কৰা হয় ।
লগতে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ গীতৰ ৰেকৰ্ড প্লেয়াৰো আজিৰ প্ৰজন্মৰ মাজত চিনাকী কৰি দিয়াৰ উদ্দেশ্যে কৰা হয় প্ৰদৰ্শন । বৰ্তমান নৱ প্ৰজন্মৰ বহুতেই অসমৰ সম্ভ্ৰান্ত কলা-সংস্কৃতিৰ বিষয়ে জ্ঞাত নহয় । তেনে সময়ত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ে অসমৰ কলা-সংস্কৃতি ছাত্র-ছাত্রীৰ মাজত পৰিচয় কৰি দিব বিচৰাটো নিসন্দেহে প্ৰশংসনীয় পদক্ষেপ ।
লগতে পঢ়ক: গ্ৰেপ্তাৰৰ পাছত জোনমনি ৰাভাৰ প্ৰথম প্ৰতিক্ৰিয়া: মই ষড়যন্ত্ৰৰ বলি হৈছো