ETV Bharat / state

অপৰিস্কাৰ হৈয়ে ৰৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহৃত বিদ্যালয়

author img

By

Published : Sep 21, 2020, 2:13 PM IST

কামপুৰৰ শিক্ষানুষ্ঠানসমূহত পুনৰ আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান ৷ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা কামপুৰৰ একাংশ বিদ্যালয় আজিপৰ্যন্ত অপৰিস্কাৰ অৱস্থাত আছে ৷ ফলত ভয় আৰু শংকাৰ মাজেৰে বিদ্যালয়ত উপস্থিত হৈছে শিক্ষাৰ্থীসকল ৷

Schools were used as a quarantine center remains dirty in kampur nagaon assam etv bharat news
স্বাস্থ্য বিভাগৰ কামৰ নমুনা

বঢ়মপুৰ,21 চেপ্তেম্বৰ: প্ৰায় ছমাহ বিৰতিৰ পিছত চৰকাৰৰ নিৰ্দেশমৰ্মে সোমবাৰৰ পৰা খুলিছে ৰাজ্যৰ একাংশ বিদ্যালয় ৷ নগাঁও জিলাৰ কামপুৰৰ শিক্ষানুষ্ঠানসমূহতো পুনৰ আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান ৷ বহু জল্পনা-কল্পনাৰ অন্তত এই শিক্ষাদান আৰম্ভ হোৱা স্বত্বেও কিন্তু একাংশ বিদ্যালয় অপৰিস্কাৰ হৈয়ে ৰৈছে ৷ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা কামপুৰৰ একাংশ বিদ্যালয় আজিপৰ্যন্ত অপৰিস্কাৰ অৱস্থাত আছে ৷ কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দেখা গৈছে এনে পৰিৱেশ ৷ বিদ্যালয়খন বন্ধ হোৱাৰ পিছৰে পৰা স্বাস্থ্য বিভাগে ব্যৱহাৰ কৰিছিল কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ৷ এই সময়ছোৱাত কেন্দ্ৰটোত থকা ব্যক্তিসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ স্বাস্থ্য বিভাগে পৰিস্কাৰ কৰাৰ বিপৰীতে পেলাই থৈ দিয়ে মুক্তভাৱে ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ বিদ্যালয়খন চেনিটাইজ কৰি কোভিড প্ৰট’কল মানি বিদ্যালয়খনত আৰম্ভ কৰে পাঠদান ৷

স্বাস্থ্য বিভাগৰ কামৰ নমুনা

তদুপৰি অন্য এক ছবি দেখা যায় কামপুৰৰ বিদ্যালয়সমূহত ৷ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা অনুমতি পত্ৰত অভিভাৱকৰ স্বাক্ষৰ নোহোৱাত পাঠদান বন্ধ কৰিবলগীয়া হৈছে দক্ষিণ কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত ৷ উল্লেখ্য যে, কোভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহৃত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্বাস্থ্য বিভাগে চেনিটাইজ নকৰাৰ লগতে গ্ৰহণ নকৰিলে যাৱতীয় ব্যৱস্থা ৷ ফলত ভয় আৰু শংকাৰ মাজেৰে বিদ্যালয়ত উপস্থিত হৈছে শিক্ষাৰ্থীসকল ৷ ইফালে সামাজিক ব্যৱধান বৰ্তাই ৰাখি শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ্থে কামপুৰৰ যুৱ নেতা বিভূতি বৰঠাকুৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে একোখনকৈ মাস্ক ৷

লগতে চাওকঃ অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.