নগাঁও, 14 নৱেম্বৰ : ভাৰতীয় ষ্টেট বেংক (SBI) পেঞ্চনাৰ সন্থাৰ নগাঁও মণ্ডলৰ বাৰ্ষিক সভাখন 13 নৱেম্বৰত অনুষ্ঠিত হৈ যায় ৷ ষ্টেট বেংকৰ নগাঁও শাখা প্ৰাংগণত অনুষ্ঠিত হয় সভাখন ৷ বৰগীত পৰিৱেশনৰে সভাৰ পাতনি মেলে নিকুঞ্জ মহন্তই ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে নগাঁও মণ্ডলৰ সম্পাদক জগত মেধিয়ে ৷ আদৰণী ভাষণেৰে সভাৰ শোভাবৰ্ধন কৰে নগাঁও মণ্ডলৰ সভাপতি শিবানন্দ কাকতিয়ে ৷

সভাত উদ্বোধনী ভাষণ আগবঢ়ই ভাৰতীয় ষ্টেট বেংক পেঞ্চনাৰ সন্থাৰ কাৰ্যকৰী সদস্য নীৰেন্দ্ৰ নাৰায়ণ অধিকাৰীয়ে ৷ বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই উপ মহাপ্ৰৱন্ধক এল এছ মদন, সহকাৰী মহা প্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্ত, সহকাৰী মহাপ্ৰৱন্ধক ৰাকেশ কুমাৰে ৰবিয়ে ৷

অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত বৰ্ষীয়ান কৰ্মচাৰী কামাখ্যা চৰণ পাল আৰু মনোৰঞ্জন দত্তক সম্বৰ্ধনা জনোৱা হয় ৷ সভাখনৰ সঞ্চালনা কৰে বিশিষ্ট গল্পকাৰ তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া শিবানন্দ কাকতিয়ে ৷ ভাৰতীয় ষ্টেট বেংকৰ নগাঁও, মৰিগাঁও, কাৰ্বি আংলং আৰু হোজাই জিলা লৈ গঠিত নগাঁও মণ্ডলৰ প্ৰায় ২০০ জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰা সভাখনত পেঞ্চনাৰ সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় ৷
লগতে চাওক : BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ