নগাঁও,18 অক্টোবৰ: বটদ্ৰৱাত দেওবাৰে ক’লা পতাকাৰ সন্মুখীন হয় তীব্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতে এই প্ৰতিবাদৰ সন্মুখীন বহু বিতৰ্কিত হিন্দুত্ববাদী নেতাগৰাকী ৷ বৰা উপস্থিত হোৱাৰ সময়তে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী, সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
কেইবাটাও স্থানীয় সংগঠনৰ সদস্যই সত্যৰঞ্জন বৰা গ’ বেক, মুর্দাবাদ আদি ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক । দেওবাৰৰ দিনটোত সত্যৰঞ্জন বৰাৰ উপস্থিতিৰ বাবেই পুৱাৰে পৰা বটদ্ৰৱা থানত উপস্থিত থাকে নগাঁও আৰক্ষীৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়া । বটদ্ৰৱা থানৰ পিছত ধিঙৰ জগন্নাথ মন্দিৰ, পূজা মন্দিৰত উপস্থিত হয় হিন্দুত্ববাদী নেতাগৰাকী । উক্ত প্ৰতিবাদৰ পিছত গুৰুৰ ওচৰলৈ আহিবলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই ।
লগতে চাওকঃ আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই