কলিয়াবৰ,22 ছেপ্তেম্বৰ : কঁহুৱা-কোমল উশাহ লৈ, শেৱালি কোমল হাঁহিটিৰে শৰৎ আকৌ আহিল । বতাহত লহপহকৈ হালি উঠা কঁহুৱাৰ লয়-লাস-ছন্দই শৰতৰ মধুময় দিনৰ আদৰণি জনাইছে । শেৱালি সুবাসেৰে আমোলমোল কৰা পদুলিমুখত নিয়ৰসিক্ত দুবৰিৰ দলিচাত যাওঁ বুলি যাবই নোখোজা মন এটা লৈ আহিছে শৰতে ।
নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত...উশাহত শেৱালিৰ সুবাস, কঁহুৱা ফুলৰ মন প্ৰাণ হৰি নিয়া নৈসৰ্গিক দৃশ্য । শৰৎ আহিলেই ফুলি উঠা কঁহুৱা বহুতৰেই মনৰ ভাষা । শৰৎ সৌন্দৰ্যৰ প্ৰতীক। শৰতৰ স’তে যেন শেৱালিৰ এক আজন্ম সম্পৰ্ক । শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুণে বঢ়ায় ।
শৰৎ কেৱল এটা শব্দ বা ঋতু নহয় । শৰৎ হৈছে আনন্দৰ এটি জুৰি, আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্ৰতীক । শৰৎ বুলিলেই মনলৈ আহে উৎসৱ মুখৰ পৰিৱেশ । শৰৎ হ’ল হেঁপাহৰ উৎসৱ ।
শৰতৰ আগমনীয়ে চৌদিশে আনন্দৰ লহৰ সিঁচৰতি কৰে দি যায় । শৰৎ ঋতুত প্ৰাণ পাই উঠে কবিৰ অনুভৱ । শৰতৰ নিয়ৰ সেমেকা পুৱা গছৰ পাতত লাগি থকা নিয়ৰৰ টোপালবোৰেও দি যায় এক অনাবিল আনন্দ ৷ এটোপ-দুটোপ কৰি সৰি থকা নিয়ৰৰ টিপ-টিপ ধ্বনিয়ে দিয়ে শৰতৰ আন এক মাদকতা ।
শৰতৰ কঁহুৱা ফুলে সকলোকে আলফুলে আদৰি লওক । শৰতৰ নিশাবোৰ আমেজ ভৰা আৰু অতি বিতোপন হৈ উঠক । সকলোৰে মুখত বিৰিঙি উঠক এমুখ শেৱালি কোমল হাঁহি । শৰতৰ মুকলি আকাশ, লুইতৰ পাৰৰ কঁহুৱা বননি, সেউজীয়া বিস্তীর্ণ পথাৰ, দুবৰি বনত জিলমিলাই পৰি থকা নিয়ৰৰ টোপাল ।
তাতেই যেন কবিৰ কাপৰ স্পর্শত মূক, নিৰ্বাক প্ৰকৃতিও সবাক হৈ পৰিছে – ‘জাকি মাৰি পখিলাই কাণে-কাণে কৈ যায়, তাৰ নাম বোলে শৰৎ কোঁৱৰ’ ৷