ETV Bharat / state

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ শুভাৰম্ভণি - শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশ্যে অসমত প্ৰথমবাৰৰ বাবে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে । শুক্ৰবাৰে মহোৎসৱৰ প্ৰথম দিনটোত অনুষ্ঠিত হয় অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ।

বটদ্ৰৱা থানত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

author img

By

Published : Jan 29, 2021, 5:18 PM IST

নগাঁও, ২৯ জানুৱাৰী: প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ । নগাঁৱৰ বটদ্ৰৱা থানত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত হৈছে । মাধৱ সংস্কৃতি ন্যাস আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰম্ভ হৈছে । মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে খগেন মহন্ত প্ৰেক্ষাগৃহত এখন অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

বটদ্ৰৱা থানত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

দেশৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন শংকৰী সংস্কৃতিৰ গৱেষক, পণ্ডিতৰ অংশগ্ৰহণ কৰে । লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়েও আলোচনা চক্ৰত ভাগ লয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ।

গুৰুজনাৰ দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি গ'লে অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি ভাবুকি নাহে বুলি আশাবাদী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সমন্বয়ক ব্ৰজেন কাকতি । শনিবাৰে আৰু দেওবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ লগতে সমীপৰে ৬ খন সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সমন্বয়কগৰাকীয়ে ।

লগতে পঢ়ক:শিলচৰত মীন বিভাগে আৰম্ভ কৰিলে মাছৰ হোম ডেলিভাৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.