চামগুৰি,28 এপ্ৰিল: মঙলবাৰে নিশা চামগুৰিৰ কাৱৈমাৰিস্থিত নিজা বাসগৃহৰ পৰা নাতিদূৰতে মটৰ চাইকেলত অহা দুই আততায়ীয়ে গুলিয়াই হত্যা কৰা সৰবৰাহী ব্যক্তি ৰহিম উদ্দিনৰ ঘৰৰ চৌহদত এতিয়া ভিৰ কৰিছে স্থানীয় বহু সংখ্যক লোকে । বুধবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে বিয়লি ভাগলৈ ব্যক্তিগৰাকীক সমাধিস্থ কৰা হয় বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, পৰিয়াল তথা স্থানীয় একাংশই এই হত্যাকাণ্ডক সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে ৷ লগতে সন্ধিয়া ৰহিম উদ্দিনক মছজিদলৈ যোৱাৰ বিষয়ে ফোন যোগে খবৰ কৰিছিল অজ্ঞাত আততায়ীয়ে বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে । অৱশ্যে দীৰ্ঘদিন ধৰি বিজেপিৰ তৃণমূলৰ এগৰাকী নেতা হিচাপে সেৱা আগবঢ়াই অহা ৰহিম উদ্দিনৰ হত্যাকাণ্ডটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি একেমুখে ক'বলৈ বিচৰা নাই পৰিয়ালৰ লোকে । সেয়া যিয়েই নহঁওক কিয় আৰক্ষীৰ উচিত তদন্তৰ পিছতহে নৃশংস হত্যাকাণ্ডটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।