কলিয়াবৰ, 21 ডিচেম্বৰঃ ভাৰতৰ সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা এক সন্মানীয় বঁটা হ’ল সাহিত্য অকাডেমী বঁটা ৷ কিন্তু এই বঁটা প্ৰদানৰ পিছতেই চেগা-চেৰোকাকৈ বাচনিৰ ক্ষেত্ৰত সময়ে সময়ে বিভিন্ন আলোচনা-সমালোচনাৰ সন্মুখীন হৈ আহিছে বঁটা বাচনি সমিতি ৷ এই বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰদনাতো ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে বঁটা বাচনি সমিতি অসমীয়া ভাষা পৰামৰ্শ সমিতিৰ সদস্য অৰিন্দম বৰকটকীয়ে ৷ ই টিভি ভাৰতৰে সৈতে হোৱা এক বাৰ্তালাপত অৰিন্দম বৰকটকীয়ে পৰামৰ্শ সমিতিৰ আন এজন সদস্য পিকুমণি দত্তই তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে বঁটা প্ৰদানত হোৱা বিসঙ্গতিৰ সত্যতা উদ্ঘাটনৰ বাবে সাজু হৈছে বুলি প্ৰকাশ কৰে ।
অৰিন্দম বৰকাকটীয়ে প্ৰকাশ কৰা অনুসৰি ড৹ জয়শ্ৰী গোস্বামী মহন্তৰ নাম যোৱা বেলি আগবঢ়োৱা সাহিত্য অকাডেমী বঁটাৰ প্ৰাৰম্ভিক বাচনি তালিকাত আছিল যদিও এইবেলি বাচনি তালিকাত নাই ৷ তাৰ পিচতো বাচনিৰ তৃতীয় তালিকাত তিনিখন গ্ৰন্থৰে স্থান লাভ কৰি বঁটা লাভ কৰা বিষয়টো এক গভীৰ ৰহস্যৰ সন্দেহ ঘনীভূত হৈছে বুলি অভিযোগ কৰে বৰকটকীয়ে ৷
উল্লেখযোগ্য যে, এই বেলি অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটাৰ চূড়ান্ত তালিকাত থকা প্ৰণৱজ্যোতি ডেকা, সমীৰ তাঁতী, প্ৰভাত বৰা, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, আনিচ উচ জামান, অপূৰ্ব শইকীয়া, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আদি সাহিত্যিকক পিচ পেলাই 'চাণক্য' গ্ৰন্থৰ বাবে ড৹ জয়শ্ৰী গোস্বামী মহন্তই লাভ কৰে বঁটা ৷
অসমীয়া ভাষাৰ বাচনি সমিতিৰ জুৰি সদস্য বসন্ত কুমাৰ ভট্টাচাৰ্য, উমেশ চন্দ্ৰ ডেকা, শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰীয়ে বাচনি প্ৰক্ৰিয়াত এনেধৰণৰ অনিয়মৰ ওপৰত দৃষ্টি প্ৰদান নকৰা কাৰ্যতো প্ৰশ্ন উত্থাপন কৰে অৰিন্দম বৰকটকীয়ে ৷ আনহাতে, অসমীয়া ভাষা পৰামৰ্শ সমিতিৰ আহ্বায়ক ডা৹ ধ্ৰুৱজ্যোতি বৰাই বঁটা প্ৰদান বিষয়টোত নিজৰ অসন্মতিৰ কথা লিখিতভাৱে সংশ্লিষ্ট পক্ষক অৱগত কৰাৰ কথাও সাক্ষৎকাৰত ব্যক্ত কৰে বৰকটকীয়ে ৷
লগতে পঢ়ক- বিশিষ্ট কবি অনুপম কুমাৰৰ দেহাৱসান