কলিয়াবৰ,৪ ছেপ্টেম্বৰ: আপুনি ছাগে ভাবিছে এটা কুকুৰক লৈ কিয় যুগুতোৱা হৈছে এই প্ৰতিবেদন । ইয়াতো আছে এটা কাহিনী(Sad story of a dog) । এটা কুকুৰ, এখন দলং আৰু মাজত এখন বোৱতী নদী । নদীখনৰ সিপাৰলৈ আকুলতাৰে চাই ৰৈছে কুকুৰটোৱে । সিপাৰে আছে তাৰ আপোন স্থান ।
হয়, ইয়াত এখন দলং আছিল । পিছে যোৱা ২৩ আগষ্টত বান উটোৱাই নিলে ওলমা দলংখন (Deopani river bridge collapses)। তেতিয়াৰে পৰা পাহাৰীয়া জিলাখনৰ সাতখন গাঁৱৰ ৰাইজ পাহাৰীয়া খৰস্ৰোতা নদীৰ পানী ফালিয়েই পাৰ হৈ আহিছে । কিন্তু, খৰস্ৰোতা নদীৰ পানী ফালি নদীখন পাৰ হ'ব পৰা নাই এটা কুকুৰ । এখন ভৰি নথকা কুকুৰটো সাঁতুৰিবলৈ অপাৰগ । সেয়ে প্ৰতিদিনে নৈখনৰ পাৰত এনেদৰে বহি সিপাৰলৈ চাই ৰয় আকুলতাৰে । কিজানিবা কোনোৱে ডিঙা মেলি আহেই ।
দেওপানী নদীৰ ওপৰত থকা ওলমা দলং পাৰ হৈ আহিছিল কুকুৰটো । চলিত বছৰৰ ২৩ আগষ্ট তাৰিখে ওলমা দলঙখনেৰে মৰমলগা কুকুৰটো পাৰ হৈ অহাৰ পাছতে সেইদিনাই দেওপানী নৈৰ প্ৰচণ্ড ধলে উটুৱাই লৈ গৈছিল দলং খন । তাৰ পাছৰে পৰা দেওপানী নৈৰ পাৰত বহি চাই আছে আপোন গাওঁখনলৈ । নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ ছ'চেন ধেন্টা পৰিষদীয় সমষ্টিৰ দেওপানী নৈৰ পাৰতে বহি থকা কুকুৰটো প্ৰত্যক্ষ কৰিছে বহুজনে । কোনো সুহৃদয়বান আগবাঢ়ি আহক আৰু আপোন গাঁওখনলৈ পাৰ কৰাই দিয়ক কুকুৰটোক ।
লগতে পঢ়ক: 2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ