নগাঁও, 10 জানুৱাৰী: অসমৰ ছবিগতৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে সদ্য মুক্তিপ্ৰাপ্ত ছবি 'নেলীৰ কথা'ই । কিয়নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এইখন অসমীয়া ছবিয়ে । সদ্য সমাপ্ত নৱম অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে অসমীয়া চিনেমা "নেলীৰ কথা" ই বহু আকাংক্ষিত "ৰূপালী কৈলাশ বঁটা" লাভ কৰিবলৈ সক্ষম হয় ।
পাৰ্থজিৎ বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালিত ছবিখনে অসমৰ সমসাময়িকভাৱে সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ এক অন্ধকাৰ অধ্যায় নেলী হত্যাকাণ্ড সন্দৰ্ভত মানৱীয় দৃষ্টি চিত্ৰায়ণ কৰে । যোৱা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা 5 দিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চিনেমাৰ প্ৰতিযোগিতা শাখাত মুঠ 9 খন চিনেমা নিৰ্বাচিত হৈছিল ।
![rupali kailash award to NELLIEr kothare](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-01-2024/as-ngn-01-10dcmbr-neli-story-got-rupali-kailash-award-image-video-7203819_10012024175132_1001f_1704889292_730.jpg)
বহু প্ৰশংসিত ভাৰতীয় অভিনেতা ধৃতিমান চেটাৰ্জীৰ অধ্যক্ষতাত অনুষ্ঠিত জুৰীয়ে 'নেলীৰ কথা'ৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, "সমসাময়িক অনুনাদৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ অন্বেষণ কৰি, নিৰীহ লোকৰ দুখ-কষ্টক মানৱীয় দৃষ্টিকোণেৰ চিনেমাখনৰ কাহিনী বৰ্ণনা কৰিছে । পাৰ্থজিৎ বৰুৱাৰ এই চিনেমাখনে ভাৰতীয় প্ৰতিযোগিতা শাখাত আন 8 খন চিনেমাৰ সৈতে প্ৰতিযোগিতাত উঠিছিল ।
'নেলীৰ কথা' ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "লৰ্কাণ', বাৰ্লিন, টৰণ্টটো, ৰ’টাৰড্ৰাম আদি প্লেটফৰ্মত প্ৰিমিয়াৰ হোৱা চিনেমাৰ সৈতে আমাৰ চিনেমাখনে এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় প্ৰতিযোগিতা শাখাত নিৰ্বাচিত হোৱাটোৱে প্ৰতিযোগিতাৰ মানদণ্ডৰ কথাকে বুজাইছে । এইয়া আছিল আমাৰ বাবে এক সন্মান । এই সন্মানীয় বঁটা লাভ কৰি মই সঁচাকৈয়ে উৎসাহিত হৈছো আৰু তাতোকৈও অধিক ভাল কাম কৰি যাবলৈ অনুপ্ৰাণিত হৈছো ।"
![rupali kailash award to NELLIEr kothare](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-01-2024/as-ngn-01-10dcmbr-neli-story-got-rupali-kailash-award-image-video-7203819_10012024175132_1001f_1704889292_646.jpg)
উল্লেখযোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱতে প্ৰবীণ গীতিকাৰ-চিত্ৰনাট্যকাৰ জাভেদ আখতাৰক পদ্মপানী লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয় ৷ পূৰ্বতে ঔৰংগাবাদ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (AIFF) নামেৰে নামাকৰণ কৰা অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰতি বছৰে মহাৰাষ্ট্ৰ আৰু ভাৰত চৰকাৰৰ সহযোগত মুম্বাইৰ যশৱন্তৰাও চাভান কেন্দ্ৰ আৰু নাথ গ্ৰুপে আয়োজন কৰি আহিছে । যোৱা 7 ডিচেম্বৰত “কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ”ত ‘নেলীৰ কথা’ চিনেমাখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰো অনুষ্ঠিত হৈ যায় ।
লগতে পঢ়ক: অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন ভিত্তিক তথ্যচিত্ৰ তথ্যচিত্ৰ জীৱন তৃষ্ণাৰ শুভ মহুৰত সম্পন্ন