চামগুৰি, 17 জুন : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ওপজা দিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন নগাঁও বিধায়ক ৰূপক শৰ্মাৰ। প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মজয়ন্তীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অমূল্য অৱদান আগবঢ়াই থৈ যোৱা শিল্পী গৰাকী অসমীয়া জাতিৰ মাজত চিৰস্মৰণীয় হৈ থাকিব বুলি মনৰ ভাৱ ব্যক্ত কৰে বিধায়ক শৰ্মাই ।
জ্যোতিপ্ৰসাদ আগৰৱালা যে কেৱল মাত্ৰ ছবি নিৰ্মাণ আৰু স্বাধীনতা সংগ্ৰামতে ব্যস্ত আছিল তেনে নহয়, অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি তেখেতে শোণিত কুঁৱৰী, ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী, নিমাতী কইনা আদি নাটক ৰচনা কৰে ৷ ইয়াৰ লগতে তেওঁ বহুকেইটা কালজয়ী গীতৰো ৰচনা কৰে ৷ পৰৱৰ্তী সময়ত এই গীতসমূহ জ্যোতি সংগীত ৰূপে সমাদৃত হয় ৷ জ্যোতিপ্ৰসাদৰ কলমৰ পৰা নিগৰিত ৰূপহী, বগীতৰা, সোণতৰা আদি বহুকেইটা গল্পয়েও অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰে ৷
অসমীয়া সমাজ জীৱনত এক নতুন যুগৰ সূচনা কৰি মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ৷ 17 জানুৱাৰীৰ তেখেতৰ মৃত্যু তিথিটোক সমগ্ৰ ৰাজ্যত শিল্পী দিৱসৰূপে পালন কৰা হয় ৷ আজীৱন কলা-সংস্কৃতিৰ সাধনা কৰি অসম আৰু অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই এক মাইলৰ খুটি স্থাপন কৰিলে এই মহান শিল্পীগৰাকীয়ে ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুুন্দৰৰ সাধক ৰূপকোঁৱৰৰ ওপজা দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত ৷
লগতে পঢ়ক:আজি ৰূপকোঁৱৰৰ 118 সংখ্যক ওপজাদিন