নগাঁও, ২৬ এপ্ৰিলঃ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত এতিয়া চলিছে নিৰ্বাচনী পোষ্টমৰ্টেম ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কন্দল । নগাঁও লোকসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক বঞ্চিত কৰি দলে প্ৰাৰ্থীত্ব দিছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক । ৰূপক শৰ্মাক প্ৰাৰ্থীত্ব দিয়াক লৈ ক্ষুণ্ণ হৈ আছিল ৰাজেন গোহাঁই ।
কিছুদিন পূৰ্বলৈকে নগাঁৱৰ প্ৰতিটো সভাই সমিতিত একেলগে দেখা গৈছিল ৰাজেন-ৰূপক শৰ্মাক । কিন্তু দলীয় প্ৰাৰ্থীত্বই সংঘাত সৃষ্টি কৰিছিল দুয়ো গৰাকী নেতাৰ মাজত। দলীয় প্ৰাৰ্থীত্ব লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰূপক শৰ্মাৰ লগত পূৰ্বৰ দৰে দেখা পোৱা নগ'ল ৰাজেন গোহাঁইক। নিৰ্বাচন শেষ হোৱাৰ পিছত এতিয়া নাম নোলোৱাকৈ ৰাজেন গোহাঁইৰ বিৰুদ্ধে মুখ খুলিছে ৰূপক শৰ্মাই ।
আৰু পঢ়ক : কেমেৰাত বন্দী ৰেগিঙৰ ভয়াৱহ দৃশ্য
নিৰ্বাচনৰ সময়ত নগাঁৱৰ জ্যেষ্ঠ বিজেপি নেতাই সহায় কৰাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনাইছিল বুলি মন্তব্য ৰূপক শৰ্মাৰ । বিজেপি কৰ্মীয়ে সেই আহ্বানক তিলমানো গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰি ৰূপক শৰ্মাৰ মন্তব্য। দলে বিচাৰিলে মই মণ্ডলৰ সভাপতি হ'বলৈ সাজু বুলি উল্লেখ কৰে ৰূপক শৰ্মাই । নিৰ্বাচনৰ পিছতেই ৰূপক শৰ্মাই কৰা এনে মন্তব্যই স্পষ্ট কৰিছে দলৰ ভিতৰুৱা সংঘাত ।