ৰূপহীহাট, 26 এপ্ৰিল : ক'ভিডৰ ভয়াৱহতাৰ মাজতে দেশত চলি আছে জনপ্ৰিয় INDIAN PREMIER LEAGUE তথা চমুকৈ আইপিএল ৷ এই আইপিএলৰ নামতে ৰূপহীহাটৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে বৃহৎ জুৱা খেল ৷
সেই অনুসৰি এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিতে মঙলবাৰে এক অভিযান চলালে ৰূপহীহাট আৰক্ষীয়ে ৷ অভিযান কালত কেইবাটাও জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে দুজনকৈ আইপিএল জুৱাৰীক আটক কৰে ৷ লগতে ৰূপহীহাটৰ লাওঁগাঁও আৰু হাতীপাৰাৰ পৰা আটক কৰা IPL জুৱাৰী দুজনৰ পৰা নগদ ৩৬ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷
জুৱাৰী দুজনৰ নাম ক্ৰমে লাওঁগাঁৱৰ চালা উদ্দিন আৰু হাতিপাৰাৰ মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে 280/21 নম্বৰত এক গোচৰ ৰুজু কৰি চালা উদ্দিন আৰু মজিবুৰক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান