নগাঁও , 14 জুনঃ সাম্প্ৰদায়িক মন্তব্যৰে প্ৰায়েই শিৰোনামা দখল কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱ পুনৰ সোমাই পৰিছে বিৰ্তকৰ মাজত ৷ এইবাৰ বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মী ৷ বিধায়ক জনৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত সংঘটিত নৃশংস হত্যাকাণ্ডক ধৰ্মীয় ৰাজনীতি কৰাৰ উদ্দেশ্যে সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দই ৷
বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে মানসিক ৰোগী আখ্যা দি মানসিক চিকিৎসা কৰোৱাৰ বাবে চৰকাৰক আহ্বান জনায় আৰ টি আই কৰ্মীগৰাকীয়ে ৷ আৰ টি আই কৰ্মী গৰাকীৰ অভিযোগ , নুনমাটিৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছিল বিধায়ক গৰাকীয়ে ৷ উল্লেখ যোগ্য , পূৰ্বেও কেইবাবৰো বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ ৷
লগতে পঢ়কঃজম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰঃ নিহত সেনা জোৱান