ETV Bharat / state

ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ কিমান সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ?

author img

By

Published : Jun 28, 2021, 10:21 PM IST

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে অহৰহ চেষ্টা চলাই আছে ৷ লগতে ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে ৷ নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

rtcr-test-laboratory-will-be-set-up-in-every-district-of-the-state
ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হবলৈ সাজু স্বাস্থ্য বিভাগ

নগাঁও, 28 জুন : সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ ভয়াৱহ পৰিৱেশ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে অহৰহ চেষ্টা চলাই আছে যদিও নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ ইয়াৰ মাজতে নগাঁৱত উপস্থিত হৈ ক'ভিড সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

সোমবাৰে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেতবোৰ বিশেষ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এসপ্তাহৰ ভিতৰত নগাঁও আৰু ধুবুৰীত আৰম্ভ হ'ব RTPCR টেষ্টৰ লেবেৰটেৰী ৷ ৰাজ্যত বৰ্তমান 17 টা RTPCR লেবেৰটেৰী আছে ৷ এসপ্তাহৰ ভিতৰত ইয়াৰ সংখ্যা 19 লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

ইফালে ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ লগতে ক'ভিড-19ৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে কোনো ক্ৰুটি নকৰাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ক'ভিড পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম আগ স্থানত আছে বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, কৰ'ণাৰ দ্বিতীয় ঢৌত ৰাজ্যত এই পৰ্যন্ত 34,333 গৰাকী শিশু আক্ৰান্ত হৈছে ৷ নগাঁও জিলাত এই পৰ্যন্ত আক্ৰান্ত হৈছে 1,961 গৰাকী শিশু ৷ ইয়াৰে 6 বছৰৰ তলৰ 61 গৰাকী, 1 বছৰৰ তলৰ 8 গৰাকী আৰু 18 বছৰৰ তলৰ 1,892 গৰাকী শিশু-কিশোৰ ক'ভিডত আক্ৰান্ত হৈছে ৷ ক'ভিড আক্ৰান্ত শিশুসকলৰ বাবে স্বাস্থ্য বিভাগে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি, ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজৰ লগতে প্ৰতিখন জিলা চিকিৎসালয়ত শিশুসকলৰ বাবে আই চি ইউ(ICU) আৰু অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ লগতে অহা 15-20 দিনৰ ভিতৰত শিশু আই চিৰ কাম সম্পূৰ্ণ হ'ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে যদিও এই পৰ্যন্ত ৰাজ্যত কৰ'ণাৰ তৃতীয় ঢৌ আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি কৰ্মচাৰীক বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.