বঢ়মপুৰ, 27 জুলাই : বিধানসভা নিৰ্বাচনত বিজেপিৰ 100 খন আসন লাভ কৰাৰ সপোন বাস্তৱত পৰিণত ন'হব ৷ এই মন্তব্য বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ ৷ সোমবাৰে ৰহা সমষ্টিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ সময়ত এই মন্তব্য প্ৰদান কৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে,12 গৰাকী আই এ এছ বিষয়া দিল্লীলৈ যাব বিচৰা কাৰ্যক চৰকাৰ পতনৰ মূল ইংগিত বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ 'কা' বিৰোধী শক্তি আৰু মহাজোঁট বন্ধনে মিলি বিজেপিৰ অংকত জংক পংক লগাব বুলিও উল্লেখ কৰে ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে,সোমবাৰে ৰহা সমষ্টিৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি গেৰজাইপাম পঞ্চায়তৰ বিভিন্ন স্থানত বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে বন্যাৰ্তক বান সাহাৰ্য প্ৰদান কৰে ৰকিবুল হুছেইনে ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে নগাঁৱত স্থাপন কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা