ETV Bharat / state

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি প্ৰতিবাদ ৰহা ব্লক কংগ্ৰেছৰ - ৰহা আৰক্ষী

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহে ৰহা ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীসকল। ৰাজ্য কপোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ অচিত তদন্ত বিচাৰি ইতিমধ্যে ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক এখন স্মৰকপত্ৰ প্ৰদান কৰে ৰহা ব্লক কংগ্ৰেছে ৷

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি প্ৰতিবাদ ৰহা ব্লক কংগ্ৰেছৰ

author img

By

Published : Apr 26, 2021, 10:16 PM IST

নগাঁও, 26 এপ্ৰিল : নগাঁৱৰ ৰহাত সংঘটিত চাঞ্চল্যকৰ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ আজিও সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ যোৱা বৃহস্পতিবাৰে নগাঁৱৰ ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰৰ নামৰ লোকজনৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে থকা চুমিলা ৰংহাংপীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছিল সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠন।

প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালটোৱে কিশোৰীগৰাকীক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও আৰু ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পৰিয়ালটোৰ মুৰব্বী প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক। ঘটনা সন্দৰ্ভত নয়নজ্যোতি বৰঠাকুৰৰ মাতৃকো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি প্ৰতিবাদ ৰহা ব্লক কংগ্ৰেছৰ

উল্লেখ্য যে, উক্ত ঘটনা সংঘটিত কৰা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহে ৰহা ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীসকল। চুমিলা ৰংহাংপীৰ হত্যাৰ লগত জড়িত দোষী শাস্তি প্ৰদানৰ দাবীত শশীকান্ত দাসৰ নেতৃত্বত ৰহা ব্লক কংগ্ৰেছে ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক এখন স্মৰকপত্ৰ প্ৰদান কৰে। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: বিহমাৰী সাপ্তাহিক বজাৰত ক'ভিডৰ নীতি উলংঘা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.