ETV Bharat / state

ক’ভিড আক্ৰান্ত লোকৰ কাষত বিধায়ক ৰকিবুল হুছেইন

author img

By

Published : May 18, 2021, 10:25 PM IST

চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ প্ৰসংশনীয় পদক্ষেপ । ক’ভিড আক্ৰান্ত হোৱা লোকৰ বাসগৃহত উপস্থিত হৈ মাস্ক, ছেনিটাইজাৰৰ লগতে খাদ্য সামগ্ৰীও বিতৰন কৰে বিধায়ক গৰাকীয়ে ৷

ক’ভিড আক্ৰান্ত লোকৰ কাষত বিধায়ক ৰকিবুল হুছেইন
ক’ভিড আক্ৰান্ত লোকৰ কাষত বিধায়ক ৰকিবুল হুছেইন

চামগুৰি, 18 মে’: মঙলবাৰে পুৱাই চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা স্বাস্থ্য কেন্দ্ৰ সমূহত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ লয় বিধায়ক ৰকিবুল হুছেইনে ৷ আনকি ক'ভিড মহামাৰীৰ ফলত মৃত্যু হোৱা আৰু ক’ভিড আক্ৰান্ত হোৱা লোকৰ বাসগৃহত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক গৰাকী ৷

বিধায়ক গৰাকী চামগুৰি সমষ্টিৰ শিঙীয়া কেকোঁৰাচুক গাঁৱৰ ক'ভিড ১৯ত মৃত্যু হোৱা ৪২ বছৰীয়া সমুদ্ৰ বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ সৈতে কিছু মত-বিনিময়ো কৰে ৷ তাৰ পাছতেই ভৰাগুৰি, বৰদলকে আদি কৰি ক'ভিডত মৃত্যু হোৱা পৰিয়ালক আৰু আক্ৰান্ত হোৱা লোক সকলৰ মাজত মাস্ক, ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, বৰ্তমানলৈ অসমত ৩,৩৫,০২৩ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ২,৮৬,৪৬৩ গৰাকী লোক । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৪,৯৪২ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম আইচ'লেচনত আছে । ইফালে এতিয়ালৈ ৰাজ্যৰ ৩৪.৭০ লাখ লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৭.২৯ লাখ লোকে প্ৰথম পালি আৰু ৭.৪১ লাখ লোকে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয় পৰিৰ্দশন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.