ETV Bharat / state

Rockybul hussain in Nagaon : অযথা সন্দেহে গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভাঙে : ৰকিবুল হুছেইন - ৰকিবুল হুছেইনৰ মুখত গিৰিয়েক ঘৈণীয়েকৰ সংসাৰ ভঙা পতাৰ প্ৰসংগ

‘‘কংগ্ৰেছক কিয় গাদীচ্যুত কৰিলে ৰাইজে ? আনকি কংগ্ৰেছৰ শাসনকালত ৰাইজক মূৰ্খ সজোৱাৰ চেষ্টা কৰিছিল কংগ্ৰেছে’’ । এই স্বীকাৰোক্তি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ৷

Rockybul hussain press conference in Nagaon
অযথা সন্দেহে গিৰিয়েক ঘৈণীয়েকৰ সংসাৰ ভাঙে : ৰকিবুল হুছেইন
author img

By

Published : Jul 29, 2022, 7:03 PM IST

নগাঁও, 29 জুলাই : এইবাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ মুখত গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভঙা পতাৰ প্ৰসংগ । শুক্ৰবাৰে নগাঁৱৰ নিজা বাসভৱনত এক সংবাদ মেলৰ আয়োজন কৰি কিদৰে এখন সংসাৰ ভাঙি চুৰমাৰ হয়, তাৰ ব্যাখ্যা দাঙি ধৰিলে বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rockybul hussain press conference in Nagaon)।

অযথা সন্দেহে গিৰিয়েক ঘৈণীয়েকৰ সংসাৰ ভাঙে : ৰকিবুল হুছেইন

অযথা সন্দেহে এখন সংসাৰ ভাঙি পেলোৱাৰ উদাহৰণ দি ৰাষ্ট্ৰপতি নিৰ্বাচনত হোৱা ক্ৰছ ভোটিং সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । ক্ৰছ ভোটিঙৰ নামত বিৰোধীয়ে কংগ্ৰেছত ভাঙোন আনিব বিচাৰিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে (Rockybul Hussain comments on cross voting) ৷ লগতে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় দলীয় মজিয়াতে আলোচনা কৰাৰ কথাও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

আনকি এই সংবাদ মেলতেই বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ শাসনকালত ৰাইজক কৰা প্ৰতাৰণাৰ কথাও আওপকীয়াকৈ স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে । বিজেপি শাসনকালত হোৱা মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত কিদৰে ৰাইজক মূৰ্খ সজোৱাৰ চেষ্টা কৰা হৈছিল সেই কথাও স্বীকাৰ কৰিলে ৰকিবুল হুছেইনে ।

কংগ্ৰেছে শাসন চলোৱাৰ সময়ত ৰাইজক ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছিল যদিও ৰাইজে কাঠগড়াত থিয় কৰাই নিৰ্বাচনত কংগ্ৰেছক পৰাজিত কৰে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : Vigilance Raid : খোৱাঙত ঘোচ লৈ হাতে লোটে ধৰা পৰিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.