ETV Bharat / state

অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব : ৰকিবুল হুছেইন

author img

By

Published : Jan 22, 2021, 7:25 PM IST

কংগ্ৰেছ আৰু AIUDF ৰ মাজত আনুষ্ঠানিক মিত্ৰতা হোৱাৰ পাছতেই মিত্ৰজোঁট শাসকীয় বিজেপি দলে কংগ্ৰেছক কৰিছিল চোকা সমালোচনা ৷ তাৰে প্ৰত্যুতৰ দিলে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে ৷

rockybul_hussain_on_alliance
অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব : ৰকিবুল হুছেইন

নগাঁও, 22 জানুৱাৰী : সমাগত অসম বিধান সভাৰ নিৰ্বাচন ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলৰ মাজত আৰম্ভ হৈছে বাক যুদ্ধ ৷ কংগ্ৰেছ আৰু AIUDF ৰ মাজত আনুষ্ঠানিক মিত্ৰতা হোৱাৰ পাছতেই মিত্ৰজোঁট শাসকীয় বিজেপি দলে কংগ্ৰেছক কৰিছিল চোকা সমালোচনা আৰু ইয়াৰ পাছতেই নগাঁৱত মিত্ৰতা সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য ৷ শাসকীয় বিজেপি দলে ৰাইজৰ হকে কোনো কাম নকৰাৰ বাবেই এতিয়া চাইকেল, বাইক চলাই নিৰ্বাচনী প্ৰচাৰ চলাব লগীয়া হৈছে । বিজেপিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছে অসমৰ ৰাইজ ৷ অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব । বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ অসমৰ ৰাইজে এতিয়া মাত্ৰ নিৰ্বাচনলৈহে অপেক্ষা কৰি আছে ৷ এনেদৰে নগাঁৱত মন্তব্য কৰিছে কংগ্ৰেছী নেতা গৰাকীয়ে ৷

এনেদৰেই এতিয়া ৰাজনৈতিক ক্ষেত্ৰ খনত চলি আছে নিৰ্বাচন কেন্দ্ৰীক বাক্ যুদ্ধ ৷ নিৰ্বাচনী ৰণ দংকা বজাবলৈ সকলো ৰাজনৈতিক দলেই চলাই আছে এখন শীতল যুদ্ধ ৷ বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰ খনত যতেই সুবিধা পাই তাতেই ৰাজনৈতিক নেতা সকলৰ মাজত কথাৰ কটাকটি দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.