চামগুৰি, 20 অক্টোবৰ: নগাঁৱৰ কেন্দুগুৰিত দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই লুটি নিলে ধন ৷ নগাঁও-জুৰীয়া পথত দুৰ্বৃত্তৰ দলটোৱে দুগৰাকীকৈ লোকৰ পৰা কাঢ়ি লৈ গ'ল নগদ ধন থকা বেগ ৷ আৰোহন ফাইনেঞ্চিয়েল ছাৰ্ভিছ নামৰ মাইক্ৰ ফাইনেন্সৰ এগৰাকী কৰ্মচাৰীয়ে দগাঁও কান্দলিমাৰীৰ পৰা ঋণৰ ধন সংগ্ৰহ কৰি নগাঁও চহৰ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ দুখন বাইকত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই প্ৰায় 60 হাজাৰ টকা লুট নিলে লোকগৰাকীৰ পৰা ৷
আনহাতে লোকগৰাকীৰ পৰা ধন লুট কৰি থকাৰ সময়তে বাইকেৰে গৈ থকা আন এজন লোকে পৰিস্থিতিৰ বুজ ল'বলৈ যোৱাত, তেওঁৰ পৰাও দুৰ্বত্তৰ দলটোৱে মাৰণাস্ত্ৰ দেখুৱাই ধনৰ লগতে ভিন্ন নথি-পত্ৰ থকা বেগ এটা কাঢ়ি লৈ যায় ৷
লগতে পঢ়ক: দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক