ETV Bharat / state

পুৰণিগুদামত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে নগদ ধন

author img

By

Published : May 12, 2021, 8:57 AM IST

পুৰণিগুদামৰ ভীমৰগাঁৱৰ ৰাজপথত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে দিন দুপৰতে দুই অজ্ঞাত প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হ'ল ৰূপহীহাট বৰঘাটৰ এগৰাকী বয়সীয়াল লোক ৷

পুৰণিগুদামত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে নগদ ধন
পুৰণিগুদামত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে নগদ ধন

চামগুৰি,12 মে': ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নগাঁও জিলা ৷ দৈনিক সংঘটিত হৈছে এটাৰ পাচত আন এটা অপৰাধজনিত ঘটনা ৷ মঙলবাৰে পুনৰ পুৰণিগুদামৰ ভীমৰগাঁৱৰ ৰাজপথত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ দিন দুপৰতে দুই অজ্ঞাত প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হ'ল ৰূপহীহাট বৰঘাটৰ জিয়া উদ্দিন নামৰ বয়সীয়াল লোকজন ৷

ঘটনা অনুসৰি, লোকজনে তেলিয়াগাঁৱৰ দিশৰ পৰা পুৰণিগুদাম অভিমুখে আহি থকাৰ অৱস্থাতে বাইকত অহা দুজন যুৱকে লোকজনক আগভেটি ধৰি বিভিন্ন চলাহি কথাৰে তেওঁৰ হাতত থকা নগদ দহ হাজাৰ টকা কাঢ়ি লৈ যায় আৰু খন্তেকৰ পাচতে বয়সীয়াল লোকজন ৰাজপথতে মূৰ্চা যায় ৷ পৰৱৰ্তি সময়ত জ্ঞান ঘূৰাই পোৱাৰ পাচতহে সমগ্ৰ ঘটনা গম পায় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভুগী জিয়া উদ্দিনে ৷

লগতে পঢ়ক: চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ ফান্দত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.