ETV Bharat / state

কাণসাৰ নাই চৰকাৰৰঃ ৰাইজে মেৰামতি কৰিলে পথ

author img

By

Published : May 21, 2019, 9:54 PM IST

পথৰ এনে দুৰৱস্থাৰ বাবে নামাজ পঢ়িবলৈও অহা - যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছে ইছলাম ধৰ্মাৱলম্বী ৰাইজসকল । সেয়েহে জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই ধন খৰচেৰে মেৰামতি কৰিছে পথটো । গাঁওখনৰ যুৱক আজাহাৰ উদ্দিন আৰু ফকৰুল ইছলামৰ উদ্যোগত ৰাইজে সহযোগিতা আগবঢ়াইছে ।

গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্ত পথ

বটদ্ৰৱা, 21 মে': গাঁঠিৰ ধন ভাঙি বটদ্ৰৱাৰ হাইডুবিত মঙলবাৰে বিধ্বস্ত পথ মেৰামতি কৰিলে ৰাইজে। হাতে হাতে কোৰ -খৰাহী লৈ বটদ্ৰৱা জামতলাৰ পৰা ৰামপুৰ সত্ৰলৈ প্ৰায় 3 কিলোমিটাৰ বিধ্বস্ত পথ মেৰামতিৰ বাবে ওলাই আহিল অঞ্চলটোৰ লোকসকল ৷

Intro:পবিত্র ৰমজান মাহত বটদ্ৰৱাত গাঠিৰ ধন খৰচ কৰি বিধস্ত পথ নির্মাণ কৰিলে ৰাইজে । নিৰ্বিকাৰ জন প্ৰতিনিধি ।Body:ইছলাম ধৰ্মালম্বীৰ লোক সকলৰ পবিত্র ৰমজান মাহতে পবিত্র ৰোজা ৰাখি বটদ্ৰৱাত হাতে হাতে কোৰ পাচি লৈ ওলাই আহিল পথ মেৰামতিৰ বাবে । বটদ্ৰৱাৰ হাইডুবিত মংগলবাৰে হাতে হাতে কোৰ পাচি লৈ ওলাই আহিল পথ মেৰামতিৰ বাবে কাৰন বটদ্ৰৱা জামতলাৰ পৰা ৰামপুৰ সত্ৰলৈ প্ৰায় ৩ কিলোমিটাৰ পথ অতিকৈ বিধস্ত । এই বিধস্ত পথেৰে স্কুল কলেজৰ ছাত্র ছাত্রীৰ লগতে চিকিৎসালয়লৈ যমৰ যাতনাৰে নিতৌ পথাচাৰীয়ে কৰিব লগীয়া হৈছে যাতায়ত ব্যৱস্থা । আনকি ১০৮ সেৱাৰ পৰাও বঞ্চিত হবলগীয়া হৈছে ৰাইজ । ইফালে বটদ্রৱা সমষ্টিৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ পথৰ দুৰৱস্থাৰ বাবে পবিত্ৰ ৰমজান মাহৰ নামাজ পঢ়িবলৈও অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছে এই ইছলাম ধৰ্মালম্বীৰ ৰাইজ সকল । কাৰণ পথছোৱাত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাত হাৰাশাস্তিৰে যাতায়াত কৰিবলগীয়া হোৱাৰ বাবেই জনপ্ৰতিনিধিলৈ বাত নাচাই গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছে পথটি । উল্লেখ্য যে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে পথাচাৰীয়ে । তাৰ পিছতো গা নলৰা পঞ্চায়তৰ জনপ্ৰতিনিধিৰ লগতে সমষ্টিৰ বিধায়ক গৰাকীৰ বাবেই ৰৈ নাথাকিল ৰাইজ। অৱশেষত মৃত্যুৰ দূতলৈ পৰিণত হোৱা এই পথটি গাওঁ খনৰ যুৱক আজাহাৰ উদ্দিন আৰু ফকৰুল ইছলামৰ সহায়ত ফগলেন লগোৱাৰ লগতে ৰাইজে গাঠিৰ ধন আৰু স্ৰম দানেৰে নিৰ্মাণ কৰিলে এই ব্যস্ত পথটি । এইয়া মাত্ৰ এটা উদাহৰণ হে এনে বহুটো উদাহৰণে সমষ্টি বাসী ৰাইজৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ । ৰাইজৰ আহ্বান সমষ্টিৰ পথ উন্নয়নৰ বাবে গুৰুত্ব দিয়ক পঞ্চায়ত জন প্ৰতিনিধিৰ লগতে বিধায়িকা গৰাকীয়ে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.