ETV Bharat / state

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্যঃ ৰাইজৰ পথ অৱৰোধ

কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে একাংশ পুৰুষ-মহিলাই পথ অৱৰোধ কৰে ।

author img

By

Published : Jun 23, 2019, 12:07 PM IST

Updated : Jun 23, 2019, 1:21 PM IST

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্য

বঢ়মপুৰ , ২৩ জুন: নগাঁও জিলাৰ কঠিয়াতলীৰ বৰকছাৰী গাঁৱত দেওবাৰে ৰাইজে পথ অৱৰোধ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে । কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে একাংশ পুৰুষ-মহিলাই পথ অৱৰোধ কৰে । ৰাইজৰ অভিযোগ অনুসৰি এই পথটোৰে দৈনিক তপতজুৰিৰ শিলৰ কুৱাৰীৰ পৰা ৩০-৪০ খন ডাম্পাৰে শিল কঢ়িয়াই ।

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্য

আৰু তাৰ ভিতৰত একাংশ ব্যৱসায়ীয়ে এখন চালানাৰেই অবৈধভাৱে প্ৰতিদিনে ৪-৫ গাড়ী শিল কঢ়িয়াই ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দিয়ে গাঁওবাসীয়ে । ৰাইজৰ অভিযোগ অনুসৰি , ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ ৰাইজে জিলা প্ৰশাসন আৰু বনবিভাগক জনাইছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই | সেয়ে আজি ৰাইজ ক্ষোভিত হৈ কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটো অৱৰোধ কৰি ৰাখে । উল্লেখ্য যে পথ অৱৰোধৰ ফলত বহু সংখ্যক গাড়ী পথত আবদ্ধ হৈ পৰে ।

Intro: কঠিয়াতলীৰ বৰ কছাৰী গাঁৱত ৰাইজৰ উত্তেজনা।নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্য |

Vo-নগাঁও জিলাৰ কঠিয়াতলীৰ বৰকছাৰী গাঁৱত ৰাইজৰ উত্তেজনা।কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথৰ দুৰবস্থাৰ বাবে পথ অৱৰোধ কৰিলে একাংশ পুৰুষ মহিলাই।ৰাইজৰ অভিযোগ তপতজুৰিৰ শিলৰ কুৱাৰীৰ পৰা দৈনিক পথটোৰে শিল ৰাবিচ কঢ়িয়াই ৩০ -৪০ খন ডাম্পাৰে।তাৰে অধিকাংশ ডাম্পাৰে মাত্ৰ এখন চালানেৰেই প্ৰতিদিনে ৪-৫ গাড়ী শিল-ৰাবিচ কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই অাছে একাংশ ব্যৱসায়ীয়ে।স্থানীয় ৰাইজে ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ জিলা প্ৰশাসন অাৰু বনবিভাগক জনাইছে যদিও অাজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই | ফলত ৰাইজ ক্ষোভিত হৈ আজি কঠিয়াতলীৰ পৰা বঢমপুৰ সংযোগী পথ বন্ধ কৰি ৰাখে |

Body:Byte-স্থানীয় লোক

VO-উল্লেখযোগ্য যে পথ অৱৰোধৰ ফলত বহু সংখ্যক গাড়ী পথত অাবদ্ধ হৈ পৰে।Conclusion:
Last Updated : Jun 23, 2019, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.